• মোডীক সমালোচনা কৰি অনুতপ্ত ৰূপজ্যোতি!অন কেমেৰা নিজকে শোধালে দহটাকৈ চৰ

    ৰাজনৈতিক
    মোডীক সমালোচনা কৰি অনুতপ্ত ৰূপজ্যোতি!অন কেমেৰা নিজকে শোধালে দহটাকৈ চৰ

    ডিজিটেল ডেস্কঃ ৰাজনীতিকৰো যে কিমান ৰং! মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈয়ে চাওক। আজি তেওঁ ঢেঁকীয়াখোৱা বৰনামঘৰত শৰাই আগবঢ়াইছে- - উপলক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন।





    ইমানখিনিলৈ ঠিকেই আছিল।পাছে তাৰ পিছতহে তেওঁ কৰিলে আচল কাণ্ড! ৰাজহুৱা স্থানত অন কেমেৰা নিজৰ গালত নিজেই তেওঁ কেইবাবাৰো প্ৰচণ্ড চৰ শোধালে।
    চৰৰ কাৰণ অনুতাপ।কুৰ্মীৰ অনুতাপ হৈছে,কিয়নো পূৰ্বতে তেওঁ এইগৰাকী প্ৰধানমন্ত্ৰীক সমালোচনা কৰিছিল! অনুতাপত দগ্ধ কুৰ্মীয়ে সেয়ে নিজেই নিজক চৰ মাৰিছে।আকৌ কৈছে, তেওঁক হেনো নৰেন্দ্ৰ মোডীক গালি পাৰিবলৈ শিকাইহে দিয়া হৈছিল।ৰিপুণ বৰা,ৰাণা গোস্বামীৰ দৰে কংগ্ৰেছৰ 'ডাঙৰ ডাঙৰ' নেতাই শিকাই দিয়া বাবেহে তেওঁ গালি পাৰিছিল প্ৰধানমন্ত্ৰীক।





    যি নহওঁ‌ক, নিজৰ গালত শোধোৱা এই দহ- বাৰটা চৰে ৰূপজ্যোতিৰ পাপ মোচন কৰি সমাগত মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচনত টিকট নিশ্চিত কৰিব পাৰে নে অনাগত দিনত আৰু অধিক কিবা কিবি কৰাৰ প্ৰয়োজন হয় সেয়া সময়তহে গম পোৱা যাব।