• লক্ষ্য- নিৰ্বাচন: বাৰাণসীত পথৰ কাষৰ দোকানত ৰৈ চাহ খালে প্ৰধানমন্ত্ৰী মোদীয়ে

    ৰাজনৈতিক
    লক্ষ্য- নিৰ্বাচন: বাৰাণসীত পথৰ কাষৰ দোকানত ৰৈ চাহ খালে প্ৰধানমন্ত্ৰী মোদীয়ে
    ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ পূৰ্বে কালি বাৰাণসীত ব্যতিক্ৰমী ৰূপত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ কালি বাৰাণসীত বিজেপি প্ৰাৰ্থীসকলৰ হৈ এক বৃহৎ ৰোড শ্ব’ত অংশ লয় প্ৰধানমন্ত্ৰী মোদীয়ে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন মুকলি বাহনত থিয় হৈ প্ৰধানমন্ত্ৰীৰ লোকসভা সমষ্টিৰ অংশ চহৰখনৰ মাজেৰে তিনি কিলোমিটাৰ অতিক্ৰম কৰিছিল।

    কালি ৰোড শ্ব’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পথৰ কাষৰ ষ্টলত চাহ পান কৰা দেখা গ’ল৷ ৰোড শ্ব’ৰ মাজতে কাশী বিশ্বনাথ মন্দিৰত কিছু সময়ৰ বাবে প্ৰধানমন্ত্ৰীয়ে ডম্বৰু বজোৱাও পৰিলক্ষিত হ’ল৷ উত্তৰ প্ৰদেশত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ওচৰ চাপি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয়।

    প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ৰোড শ্ব’ৰপিছত এখন সৰু চাহৰ দোকানত উপস্থিত হৈছিল, য’ত তেওঁ দলৰ আন সদস্যসকলৰ সৈতে চাহ খোৱা দেখিবলৈ পোৱা গ’ল৷ ৩.৫ কিলোমিটাৰজোৰা ৰোড শ্ব’টো লাহুৰাবীৰ কবিৰ চৌৰা, ময়দাগিন আৰু চাউক অঞ্চলৰ মাজেৰে পাৰ হৈ কাশী বিশ্বনাথ মন্দিৰৰ ওচৰত সমাপ্ত হৈছিল। ৰোড শ্ব’টোৱে কেণ্টনমেণ্ট, বাৰাণসী উত্তৰ আৰু বাৰাণসী দক্ষিণৰ তিনিটা বিধানসভা খণ্ড সামৰি লৈছিল।

    পূব উত্তৰ প্ৰদেশৰ আঠখন জিলাত আজি সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ৭ মাৰ্চত অনুষ্ঠিত হ'ব আৰু ১০ মাৰ্চত ভোটগণনা কৰা হ’ব৷