National
গুৱাহাটী : লায়লাপুৰত পুনৰ মিজো দুৰ্বৃত্তৰ তাণ্ডৱ ৷ নিশা সীমান্তৰ আন এখন অসমীয়াৰ ঘৰ অগ্নি সংযোগ কৰি জ্বলাই দিলে উগ্ৰ মিজো বাহিনীয়ে ৷ অসম মিজোৰাম সীমান্তৰ লায়লাপুৰত সীমা লৈ অসমৰ ছজন আৰক্ষী জোৱানক মিজো আৰক্ষীয়ে গুলীয়াই হত্যাৰ কৰাৰ পাছতো শান্ত হোৱা নাই উগ্ৰ মিজো সকল ৷ সীমান্তত অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতেই পুনৰ অসমৰ ভূমিত প্ৰবেশ কৰি মিজো দুৰ্বৃত্তৰ তাণ্ডৱ ৷
সীমান্তত কেন্দ্ৰীয় বাহিনীৰ পহৰা চলি থকাৰ সময়ত নিশা লায়লাপুৰত আন এখন অসমীয়াৰ ঘৰ জ্বলাই দিলে মিজো দুৰ্বৃত্তই ৷ অভিযোগ মতে, নিশা আজাদ হুছেইন নামৰ এজন লোকৰ ঘৰত ৭/৮ জনীয়া এটা মিজো দুৰ্বৃত্তৰ দল হাতত অস্ত্ৰশস্ত্ৰ লৈ প্ৰবেশ কৰে ৷ আৰু অস্ত্ৰ দেখাই পৰিয়ালৰ লোক সকলক ঘৰৰ পৰা খেদি পঠাই ঘৰখনত অগ্নি সংযোগ ঘটাই মিজো দুৰ্বৃত্তৰ দলটোৱে ৷
পিছে প্ৰাণৰ ভয়ত সেই স্থানৰ পৰা পলায়ন কৰি আজাদ হুছেইন সহ তেওঁৰ পৰিয়ালৰ লোক সকল আৰক্ষীৰ আশ্ৰয় ল'ব বিছাৰিলে সীমান্তত নিয়োজিত কেন্দ্ৰীয় বাহিনীয়ে আৰক্ষীৰ তাত যাব দিয়া নাই বুলি অভিযোগ কৰে আজাদ হুছেইনে ৷
Leave A Comment