• শাসনলৈ আহি সাৰদা, ৰ’জভেলীৰ ফাইল খুলিব ৰূপজ্যোতিয়ে!

    ৰাজনৈতিক
    শাসনলৈ আহি সাৰদা, ৰ’জভেলীৰ ফাইল খুলিব ৰূপজ্যোতিয়ে!

    ধিং : ২০২১ত চৰকাৰ গঠনৰ পাছতে প্ৰথমে খোল খাব সাৰদা আৰু ৰ’জভেলীৰ ফাইল। এই মন্তব্য কংগ্ৰেছৰ বিধায়ক ৰুপজ্যোতি কূৰ্মীৰ৷ দেওবাৰে বটদ্ৰৱা থানত উপস্থিত হৈ এই মন্তব্য কৰে বিধায়ক কুৰ্মীয়ে৷





    আৰু পঢ়িব পাৰিব :হৃদৰোগ : স্বাস্থ্য সুস্থিৰ যদিও নিৰন্তৰ চিকিৎসকৰ নিৰীক্ষণত গাংগুলী





    সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফলক লৈ তেওঁ আশাবাদী বুলিও ব্যক্ত কৰে৷ ইপিনে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা কোনোপধ্যে সম্ভৱ নহয় বুলিও মন্তব্য কৰে ৰুপজ্যোতিয়ে৷ তেওঁৰ মতে, মিত্ৰতা হ'লে দুয়োটা দলৰে ক্ষতি হ'ব৷





    আৰু পঢ়িব পাৰিব :মৰিয়নিত গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য





    ২০২১ত মন্ত্ৰী হৈয়েই নৰেন্দ্ৰ মোডীয়ে নোৱাৰা কাম সম্ভৱ কৰিব বুলিও দাবী কৰে বিধায়কগৰাকীয়ে৷ আনহাতে, চুইছ বেংকৰ পৰা ধন আনি মাইক্ৰ ফাইনেন্সে জুৰুলা কৰা অসমৰ দৰিদ্ৰ মহিলাক উদ্ধাৰ কৰিব বুলিও তেওঁ মন্তব্য কৰে।