ডিজিটেল ডেস্ক: ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ৷ ৰাজ্যসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মাজত দেখা গৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা৷ অহা ৩১ মাৰ্চত অসমত দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই আইনৰ ৰক্ষক হিচাপে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কাম নকৰি মুখ্যমন্ত্ৰীৰ কথামতেহে কাম কৰাৰ অভিযোগ উত্থাপন কৰে৷
তেওঁ কয়,
বিজেপি আৰু মুখ্যমন্ত্ৰীৰ ৰক্ষক হিচাপে কাম কৰিছে বিশ্বজিৎ দৈমাৰীয়ে৷ সভাপতিগৰাকীয়ে লগতে কয়, ৰাজ্যসভাৰ নিৰ্বাচনত কোনো দলৰ বিধায়কে আন প্ৰাৰ্থীক ভোট দিলে কোনো ব্যৱস্থা লোৱা নহ’ব বুলি কোৱাটো দুৰ্ভাগ্যজনক৷ আইনত আছে ভোট দিয়াৰ আগতে দলীয় এজেন্টক বিধায়কে দেখুৱাব লাগিব৷
ভূপেন বৰাই লগতে কয়, আমাৰ বিধায়কে অভিযোগ দিছে শ্লীপ দি অধ্যক্ষই কোঠালৈ মাতি নি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ প্ৰৰোচিত কৰিছে৷ জম্মু-কাশ্মীৰত বিজেপিয়ে নিজৰেই বিধায়কে ৰাজ্যসভাত ক্ৰছ ভোটিং কৰাৰ কাৰণে ‘disqualify’ কৰিছে। অসমত নিয়ম বেলেগ কিয় বুলি প্ৰশ্ন কৰে ভূপেন বৰাই৷
একেদৰে, ৰাজ্যসভাৰ নিৰ্বাচনত এআইইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কত মন্তব্য কৰি ভূপেন বৰাই কয়, সংবাদ মাধ্যমেহে আজমল আৰু কংগ্ৰেছৰ মাজত কাজিয়া লগাব বিচাৰিছে। বদৰুদ্দিন আজমলৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কয়, সংবাদ মাধ্যমত বদৰুদ্দিন আজমলে কি কৈছে ডাঙৰ কথা নহয়। আমাৰ হাইকমাণ্ডৰ আগত যি কৈছে তাতেই মই আশ্বস্ত হৈছোঁ৷ তেওঁ লগতে কয়, আমি কাজিয়া কৰিব বিচৰা নাই, সকলো বিৰোধী ৰাজ্যসভাৰ নিৰ্বাচনত একতাৰে যুঁজিম৷
Leave A Comment