• সমাজবাদীৰ কাষ চাপিব আম আদমী পাৰ্টী! উত্তৰ প্ৰদেশত নতুন ৰাজনৈতিক সমীকৰণ

    ৰাজনৈতিক
    সমাজবাদীৰ কাষ চাপিব আম আদমী পাৰ্টী! উত্তৰ প্ৰদেশত নতুন ৰাজনৈতিক সমীকৰণ
    ডিজিটেল ডেস্ক : প্ৰয়োজন হ’ল অখিলেশ যাদৱ নেতৃত্বৰ সমাজবাদী পাৰ্টীৰ সৈতে মিত্ৰতা কৰিব আম আদমী পাৰ্টীয়ে। আজি এই মন্তব্য কৰিছে আপৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙে। উত্তৰ প্ৰদেশত বিজেপিক প্ৰতিহত কৰাৰ বাবে সমাজবাদীৰে মিত্ৰতাৰ প্ৰসংগ উত্থাপন কৰিলে আপ নেতাগৰাকীয়ে।

    উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনে শেষ পৰ্যায়ত উপনীত হোৱাৰ সময়তে এই মন্তব্য কৰি সঞ্জয় সিঙে কয়, ‘যদিহে বিজেপিক প্ৰতিহত কৰাৰ বাবে আম আদমী পাৰ্টীৰ সহায়ৰ প্ৰয়োজন হয় তেন্তে আমি সমাজবাদী পাৰ্টীক সমৰ্থন দিম।’ তেওঁ লগতে কয় যে, ‘পঞ্জাবত আম আদমী পাৰ্টীৰ চৰকাৰ হ’ব। উত্তৰাখণ্ড আৰু গোৱাতো আমাৰ দলৰ উত্থান ঘটিব। আপৰ ৰাজনীতি এতিয়া মানুহৰ মাজলৈ বিয়পি গৈছে।’



    সঞ্জয় সিঙে উত্তৰ প্ৰদেশত আপৰ এটা ভেটি গঢ় লৈ উঠা বুলি মন্তব্য কৰি তেওঁ কয় যে, এতিয়া জনগণে উন্নয়নৰ নামত ভোট দিছে। উত্তৰ প্ৰদেশে জাতিগত ৰাজনীতিৰ পৰা মূৰ দাঙি উঠিবই লাগিব। তেওঁ লগতে দাবী কৰে যে, নিৰ্বাচনত বহু ৰাজনৈতিক দলে তেওঁলোকৰ দলৰ নিৰ্বাচনী ইস্তাহাৰক অনুসৰণ কৰিছে।