ধিং : 'সাংসদ গৌৰৱ গগৈৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাত হিংসা হৈছে ডঃ হিমন্তবিশ্ব শৰ্মাৰ’- এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনৰ৷ যাৰ বাবে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰে ৰকিবুল৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে হিমন্তই গৌৰব গগৈক কটাক্ষ কৰি মন্তব্য আগবঢ়াইছিল৷
আৰু পঢ়িব পাৰিব : মিনি ট্ৰাকে মহতিয়াই নিয়াৰ ফলত চাৰিওজন যুৱকৰ মৃত্যু
তেওঁ কৈছিল, ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ পৰিপক্ক নহয়৷' এই সন্দৰ্ভত আজি ওভতি ধৰে একালৰ সতীৰ্থ ৰকিবুল হুছেইনে৷সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰকিবুল হুছেইনে কয় যে হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ সক্ৰিয়তাৰ লগতে জনপ্ৰিয়তাত হিংসা কৰিছে, যাৰ বাবে গৌৰৱৰ বিৰুদ্ধে শৰ্মাই তেনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে৷
আৰু পঢ়িব পাৰিব : ধৰ্মীয় অনুভূতিত আঘাত! কমেডিয়ান মুনাৱৰ ফাৰুকীৰ জামিন নাকচ
অন্যহাতে মহাজোঁটৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বিষয়টো বৰ্তমানে কোনোধৰণৰ আলোচনা হোৱা নাই বুলি কোৱাৰ লগতে আগন্তুক নিৰ্বাচনত মহাজোঁটে ৰাজ্যত চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে৷
Leave A Comment