comScore
  • স্বাধীন ভাৰতৰ প্ৰথমখন বাজেটত এবাৰ চকু ফুৰাওঁ আহক!

    ৰাজনৈতিক
    স্বাধীন ভাৰতৰ প্ৰথমখন বাজেটত এবাৰ চকু ফুৰাওঁ আহক!
    ডিজিটেল ডেস্ক : বিগত কেইটামান বৰ্ষৰ পৰা দেখিবলৈ পোৱা গৈছে চৰকাৰী বাজেটসমূহ এখনৰ পাছত আনখনকৈ চকুত লগা হৈ আহি আছে। কোনে কি নতুনত্বৰে অভিলেখ গঢ়িব পাৰি, তাক লৈ ব্যস্ত হৈ পৰিছে। কোনে বাজেট উত্থাপন কৰি চুটি ভাষণ দিলে, কোনে দীৰ্ঘতম ভাষণ দি অভিলেখ গঢ়িলে আদি বিষয়হে এতিয়া যেন গুৰুত্বপূৰ্ণ। কিন্তু কোনখন বাজেট এতিয়ালৈকে অধিক কল্যাণমুখী হ’ল, কোনখন বাজেটৰ কাৰ্যকৰীকৰণৰ হাৰ বেছি আদি বিষয়বোৰ এতিয়া গৌণ হৈ পৰিল। বাজেট উত্থাপন এতিয়া প্ৰতিযোগিতাহে যেন!

    কিন্তু কেতিয়াৰ পৰা এই বাজেটবোৰ প্ৰতিযোগিতামুখী হৈ পৰিল? দেশে স্বাধীনতা লাভৰ পাছত উত্থাপন কৰা প্ৰথমখন বাজেটত কি কি আছিল?

    স্বাধীন ভাৰতৰ প্ৰথমখন বাজেট উত্থাপন কৰা হৈছিল ১৯৪৭ চনৰ ২৬ নৱেম্বৰত। অৰ্থাৎ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ১০৩ দিন পাছতেই সংসদত উত্থাপন কৰা হৈছিল ইউনিয়ন বাজেট। প্ৰথমখন বাজেট সংসদত উত্থাপন কৰিছিল তদানীন্তন বিত্তমন্ত্ৰী আৰ কে শান্তমুখম ছেত্ৰীয়ে। বাজেট উত্থাপন কৰি তেওঁ এনেদৰে সম্বোধন কৰিছিল, ‘মই এখন মুক্ত আৰু স্বাধীন ভাৰতৰ প্ৰথম বাজেট উপস্থাপন কৰিবলৈ অগ্ৰসৰ হৈছোঁ। এই অনুষ্ঠানটোক এক ঐতিহাসিক অনুষ্ঠান হিচাপে গণ্য কৰা হ'ব পাৰে, আৰু মই ইয়াক এক বিৰল বিশেষাধিকাৰ হিচাপে গণ্য কৰোঁ, কাৰণ বিত্তমন্ত্ৰী হিচাপে এই বাজেট উপস্থাপন কৰাৰ দায়িত্ব মোৰ ওপৰত পৰিছে।’
    আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে বাজেটৰ ডিজিটেল কপি লৈ সংসদত প্ৰৱেশ কৰিছিল। কিন্তু স্বাধীনতাৰ পাছৰ প্ৰথমখন বাজেট উত্থাপন কৰিবলৈ তদানীন্তন বিত্তমন্ত্ৰীয়ে হাতত এটা চামৰাৰ ব্ৰিফকেচ লৈ প্ৰৱেশ কৰিছিল আৰু তাতেই তেওঁ বাজেটৰ কপী লৈ আহিছিল।

    সেই বাজেটে ১৯৪৭ চনৰ আগষ্টৰ পৰা ১৯৪৮ চনৰ মাৰ্চ মাহলৈকে প্ৰায় চাৰে সাত মাহৰ সময় সামৰি লৈছিল। বিত্তীয় বৰ্ষটোৰ মুঠ ৰাজহ আছিল ১৭১.১৫ কোটি টকা আৰু মুঠ ব্যয় আছিল ১৯৭.২৯ কোটি টকা। সেই বৰ্ষত বিত্তীয় ঘাটিৰ পৰিমাণ আছিল ২৬.১৪ কোটি টকা। প্ৰতিৰক্ষা সেৱাৰ বাবে বাজেটত মুঠ ধনৰ ভিতৰত প্ৰায় ৯২.৭৪ কোটি আৱণ্টন কৰা হৈছিল। অৰ্থাৎ প্ৰতিৰক্ষাৰ বাবে সেই বৰ্ষত ধাৰ্য কৰা ধন মুঠ বাজেটৰ ৫৪ শতাংশ আছিল।

    বাজেটত সেই সময়ত কোনো চমক সৃষ্টিকাৰী উদ্দেশ্য নাছিল। লগতে আজিৰ দিনত বিৰোধীয়ে উল্লেখ কৰা ধৰণে সেই বাজেটবোৰ নিৰ্বাচনকেন্দ্ৰিকো নাছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে চামৰাৰ ব্ৰিফকেচৰ পৰা ডিজিটেল কপীলৈ বাজেট ৰূপান্তৰ হোৱা, বাজেট উত্থাপনৰ সময় পৰিৱৰ্তন হোৱাৰ লগতে উদ্দেশ্যও ফালৰি কাটিছে বুলি নানা সময়ত অভিযোগ উত্থাপন হৈ আহিছে। উন্নয়ণশীল দেশ হিচাপে দেশখনৰ কেন্দ্ৰীয় বাজেটৰ প্ৰতিটো লক্ষ্যই আন্তঃগাঠনি নিৰ্মাণ, স্বাস্থ্যসেৱাৰ উন্নয়ণ, প্ৰতিৰক্ষা সেৱাত গুৰুত্বৰ লগতে জনসাধাৰণৰ জীৱনধাৰণৰ মান উন্নীতকৰণৰ বাবে স্থিৰ হোৱাটো বাঞ্চনীয়। প্ৰতিখন বাজেটত চমক সৃষ্টিৰ বাবে অভিলেখ গঢ়িলে তাৰ সুফল জনতাৰ ভোগ্য নহ’ব।
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88 situs sabung ayam