comScore
  • সৰ্বানন্দ সোণোৱাল দেশৰ সবাতোকৈ ব্যৰ্থ মুখ্যমন্ত্ৰীঃ ৰাইজৰ দল

    ৰাজনৈতিক
    সৰ্বানন্দ সোণোৱাল দেশৰ সবাতোকৈ ব্যৰ্থ মুখ্যমন্ত্ৰীঃ ৰাইজৰ দল

    গুৱাহাটী : ‘সৰ্বানন্দ সোণোৱাল দেশৰ সবাতোকৈ ব্যৰ্থ মুখ্যমন্ত্রী’- এই অভিযোগ ৰাইজৰ দলৰ৷ অপহৰণ-পণবন্দী-মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধত দেশৰ শীৰ্ষত আছে অসম৷ আজি মহানগৰীৰ মঠঘৰীয়াৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৰাইজৰ দলৰ সংবাদমেলত শাসনাধীন চৰকাৰখনৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰে দলটোৱে। এই সংবাদমেলত ভাৰতত সংঘটিত অপৰাধ আৰু অসম শীৰ্ষক ‘ৰাইজৰ হাত পুথি’ মুকলি কৰে। ৰাইজৰ দলৰ অভিযোগ আইন- শৃংখলা ৰক্ষাত সবাতোকৈ ব্যৰ্থ ৰাজ্য অসম৷





    আৰু পঢ়িব পাৰিব : নীৰৱ মোদী ভাৰতলৈ! আৰ্থাৰ ৰোড কাৰাগাৰ হ’ব নতুন ঠিকনা





    নেচনেল ক্ৰাইম ৰেকৰ্ডছ বিউৰ’ৰ পৰিসংখ্যাত উন্মোচিত হ'ল গৃহ বিভাগৰ চূড়ান্ত বিফলতাৰ ছবি৷ তথ্য সহকাৰে ৰাইজৰ দলে উদঙালে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ ব্যর্থতাৰ ছবি৷ দেশৰ ভিতৰতে নিষ্কর্মা গৃহ বিভাগ। মুখ্যমন্ত্ৰীযে অব্যাহতি ল'ব লাগে। হাতপুথিৰ জৰিয়তে তথ্য প্ৰকাশ কৰে দলটোৱে।





    আৰু পঢ়িব পাৰিব : খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম সম্পূৰ্ণ নৌহওতেই আধাতে কাম সামৰিলে টি কে কোম্পানী





    ASDC ( Autonomous State Demand Comitee) ৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা প্ৰায় সম্পূৰ্ণ হৈছে৷ চূড়ান্ত পর্যায়ত বিপিএফৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা৷ আনহাতে অখিল গগৈয়ে শিৱসাগৰৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনাৰ কথা দোহাৰে দলটোৱে। এই ক্ষেত্ৰত এজেপি আৰু আন মিত্ৰ দলৰ সৈতে আলোচনা চলি আছে বুলিও উল্লেখ কৰে দলটোৱে৷


    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam online