• হাগ্ৰামা মহিলাৰীৰ ভৱিষ্যৎ: নিৰ্ভৰ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাৰ ওপৰত

    ৰাজনৈতিক
    হাগ্ৰামা মহিলাৰীৰ ভৱিষ্যৎ: নিৰ্ভৰ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাৰ ওপৰত
    ডিজিটেল ডেস্ক: বিপিএফ নেতা হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যৎ বন্দী হৈ পৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত৷ হয়, সময়ে সময়ে স্থিতি সলাই অৱশেষত বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷ অসমৰ বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ হৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ৷ মুঠ ১২টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি ৪টা সমষ্টিত জয়লাভ কৰিছিল বিপিএফৰ প্ৰাৰ্থীয়ে৷ পৰৱৰ্তী সময়ত বিজেপিৰে মধুচন্দ্ৰিকা অন্ত পৰাৰ হেতু বিৰোধীৰ আসনত বহিবলগীয়া হৈছিল বিপিএফ৷ কিন্তু, নিৰ্বাচনৰ পাছৰে পৰা ৰাজনৈতিক প্ৰেক্ষাপটত নীৰৱ হৈ পৰা দেখা গৈছিল বিপিএফ আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক৷

    বিৰোধী হিচাপে অসমৰ সমাজ-ৰাজনৈতিক বিষয়বোৰতো সৰব ভূমিকা লোৱা দেখা নগৈছিল বিপিএফক৷ আৰু, শেহতীয়াকৈ বিজেপিৰ প্ৰতি বিপিএফ তথা হাগ্ৰামা মহিলাৰীয়ে মুকলিকৈয়ে মিত্ৰজোঁটত চামিল হোৱাৰ আশা ব্যক্ত কৰিছিল৷ হাগ্ৰামা মহিলাৰীৰ সেই আশাক বাস্তৱায়িত কৰি কালি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত ঘোষণা কৰিলে যে বিধানসভাত বিজেপিৰ সৈতে বহিব বিপিএফ বিধায়কে৷ অৰ্থাৎ, মুখ্যমন্ত্ৰীয়ে প্ৰকাৰান্তৰে হাগ্ৰামা মহিলাৰীৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰে চামিল হোৱাৰ প্ৰস্তাৱক সন্মতি প্ৰদান কৰিলে৷ অৱশ্যে, মুখ্যমন্ত্ৰীয়ে বিপিএফৰ সৈতে মিত্ৰতা ৰাজনৈতিক নহয় বুলিও মন্তব্য কৰিছে৷ সমুখত ৰাজ্যসভাৰ নিৰ্বাচন৷ সেয়ে বিজেপি তথা মুখ্যমন্ত্ৰী শৰ্মায়ো বিপিএফক গুৰুত্বহীন কৰি ৰাখিব বিচৰা নাই৷ কিয়নো, ৰাজ্যত এতিয়া বিজেপিৰ বিধায়কৰ সংখ্যা ৬২, বিপিএফসহ মিত্ৰজোঁটৰ মুঠ বিধায়কৰ সংখ্যা ৮১৷ আৰু ৩গৰাকী বিৰোধী বিধায়ক বিজেপিলৈ আহিলে বিজেপিৰ সংখ্যা হ’বগৈ ৬৫ (মেজিক নাম্বাৰ পাৰ কৰি), মিত্ৰজোঁটৰ হ’বগৈ ৮৪৷ তেতিয়া ৰাজ্যসভাৰ দুয়োখন আসনতে অনায়াসে জয়ী হ’ব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী৷ আৰু সেই উদ্দেশ্য সমুখত ৰাখিয়েই বিপিএফৰ বাবে দুৱাৰ খুলি দিছে বিজেপিয়ে৷ কিন্তু, স্থিতি নৰ’ল হাগ্ৰামা মহিলাৰীৰহে৷ একেই থাকিল বিজেপিৰ স্থিতি৷

    ২০২০ চনত বিটিআৰৰ বিগত পৰিষদীয় নিৰ্বাচনত সমুখ সমৰত অৱতীৰ্ণ হৈছিল দুই বড়ো নেতা হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো৷ হাগ্ৰামা মহিলাৰীৰ বিপিএফে বিৰোধীৰ সৈতে লাভ কৰিছিল ১৭খন আসন৷ আনহাতে, বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰি ইউপিপিএলে লাভ কৰিছিল ২৩খন আসন৷ আৰু, প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএলে গঠন কৰিছিল বড়ো স্বায়ত্বশাসিত পৰিষদ৷ ২০২০ চনৰ ৭ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত বিটিআৰ নিৰ্বাচনৰ সময়ত হাগ্ৰামা মহিলাৰীক টাৰ্গেট কৰি লৈছিল বিজেপিয়ে৷ বিশেষকৈ হাগ্ৰামা মহিলাৰীৰে মুকলি সংঘাত আৰম্ভ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই৷

    এখন সভাত হাগ্ৰামা মহিলাৰীয়ে তদানীন্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হ’ব বুলি মন্তব্য কৰাৰ পাছৰে পৰা হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে প্ৰত্যাহ্বান সৃষ্টি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই৷ বিটিআৰৰ নিৰ্বাচনৰ সময়ত ইউপিপিএল নেতা প্ৰমোদ বড়োক সমুখত লৈ হাগ্ৰামা মহিলাৰী আৰু বিপিএফৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা৷ হাগ্ৰামা মহিলাৰী তথা বিপিএফৰ দুৰ্নীতি আৰু কেলেংকাৰিৰ কথা কৈ হাগ্ৰামা মহিলাৰীক জনমানসত হেয় কৰি তুলিছিল বিজেপিয়ে৷ আনকি, বিটিআৰত ইউপিপিএলে পৰিষদ গঠন কৰিলে হাগ্ৰামা মহিলাৰীৰ দিনৰ কেলেংকাৰিৰ ফাইল খোলা হ’ব বুলিও হুংকাৰ দিছিল বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাই৷

    পৰৱৰ্তী সময়ত বিধানসভা নিৰ্বাচনৰ সময়তো মুকলি যুঁজ চলিছিল হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ মাজত৷ আৰু, অৱশেষত দীঘলীয়া নীৰৱতাৰ পাছত হাগ্ৰামা মহিলাৰীয়ে নিজৰ স্থিতিহীন ৰাজনীতিক প্ৰকট কৰি কাষ চাপিছে বিজেপিৰ৷ আৰু বিজেপিয়েও নিজৰ স্বাৰ্থ সুৰক্ষিত কৰি বিপিএফলৈ আগবঢ়াইছে মিত্ৰতাৰ হাত৷ ইয়াকে লৈ কিছু অসন্তুষ্ট হৈছে প্ৰমোদ বড়ো৷ কিয়নো, বড়ো জাতীয় সংগ্ৰামৰ এই দুই নেতাৰ মাজত সংঘাত লগাই বিজেপিয়ে চৰকাৰ গঠন কৰিছিল ইউপিপিএলৰ সহায় লৈ৷ এতিয়া বিপিএফক আদৰি ল’ব খোজাত অসন্তষ্ট আনগৰাকী বড়ো নেতা প্ৰমোদ বড়ো৷ আনহাতে, হাগ্ৰামা মহিলাৰীৰ স্থিতিহীন ৰাজনীতিৰ বাবেই এতিয়া নিজৰ লগতে বিপিএফৰ ৰাজনৈতিক ভৱিষ্যতৰ চাবিকাঠীও তুলি দিলে বিজেপিৰ হাতত৷ এতিয়া ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে নিৰ্ভৰ কৰিব হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যত৷ লগতে এয়াও লক্ষ্যণীয় হ’ব কিদৰে ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিৰ পাকচক্ৰত পৰি বড়ো জাতীয় সংগ্ৰামখনে বাট হেৰুৱায় অথবা নতুন বাটৰ সন্ধান লাভ কৰে৷