• হিন্দু আঁতৰিব, কংগ্ৰেছ মুছলমানৰ দলত পৰিণত হ’বঃ বিধায়ক আমিনুল ইছলাম

    ৰাজনৈতিক
    হিন্দু আঁতৰিব, কংগ্ৰেছ মুছলমানৰ দলত পৰিণত হ’বঃ বিধায়ক আমিনুল ইছলাম

    গুৱাহাটীঃ উপ-নিৰ্বাচনৰ পূৰ্বেই অসমত মহাজোঁট প্ৰায় থান-বান হৈ পৰাত এতিয়া মহাজোঁটৰ দুই প্ৰধান দল কংগ্ৰেছ আৰু ইউডিএফৰ মাজত আৰম্ভ হৈছে তীব্ৰতৰ হৈছে বা্কযুদ্ধ ৷ তাৰ পাছতেই ইউডিএফৰ বিধায়ক আমিনুল ইছলামে কয় যে, শীঘ্ৰেই মুছলমানৰ দলত পৰিণত হ’ব কংগ্ৰেছ ৷





    লগতে তেওঁ কয় যে, কংগ্ৰেছ দলৰ পৰা হিন্দু বিধায়কসকল বিজেপিলৈ গৈ কংগ্ৰেছ দলটোক এটা মুছলমান দলত পৰিণত কৰিব৷ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুবনেশ্বৰ কলিতা, অজন্তা নেওগ , দু্ৰ্গা ভূমিজ , ৰুপজ্যোতি কুৰ্মী , সুশান্ত বুঢাগোঁহাইৰ উদাহৰণ দাঙি ধৰে তেওঁ৷ উল্লেখ্য যে এতিয়াও কংগ্ৰেছৰ অমুছলমান সাংসদ -বিধায়কে বিজেপিৰ লগত কথা পাতি আছে , তেওঁলোকৰ মতেও কংগ্ৰেছত একমাএ মুছলমান বিধায়কসকলহে থাকিব বুলি কয়৷ ৰ্বতমান সময়ত কংগ্ৰেছত চাহ জনগোষ্ঠীৰ এজনো বিধায়ক নাই৷ আহোম সম্প্ৰদায়ৰ বিধায়কৰ সংখ্যাও কমি আহিছে ৷ এনে অৱস্থাত ভৱিষ্যতে কংগ্ৰেছে একমাএ মুছলমান বসতিপূৰ্ণ অঞ্চলত ইউডিএফৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব ৷ বাকী সকলো আসন বিজেপিয়ে লৈ ল’ব বুলিও ইছলামে কয়৷