• হেকাৰৰ কবলত সাংসদ প্ৰদান বৰুৱাৰ একাউণ্ট : ৩৭ লাখ টকা হৰলুকি

    ৰাজনৈতিক
    হেকাৰৰ কবলত সাংসদ প্ৰদান বৰুৱাৰ একাউণ্ট : ৩৭ লাখ টকা হৰলুকি

    গুৱাহাটী : হেকাৰৰ কবলত সাংসদ প্ৰদান বৰুৱা৷ বৰুৱাৰ একাউণ্টৰ পৰা ৩৭ লাখ টকা হৰলুকি হেকাৰৰ৷ ৪-৫ মাহৰ পৰাই সৰকাই আহিছিল ধন৷ অনলাইন শ্ব’পিঙৰ লগতে হেকাৰে উলিয়াইছিল নগদ ধন৷ দিল্লীত থকা ভাৰতীয় ষ্ট বেংকৰ একাউণ্টৰ পৰা ধন লুট কৰিছিল হেকাৰে৷ ইয়াৰ সন্দৰ্ভত আজি ভঙাগড় থানাত এজাহাৰ দাখিল সাংসদগৰাকীৰ৷





    এমাহো সম্পূৰ্ণ হোৱা নাই অসম আৰক্ষীয়ে মুকলি কৰা Financial Cyber Fraud Reporting & Management System ৷ ২৮ জুনত আৰক্ষী অধীক্ষক ভাস্কৰজ্যোতি মহন্তই মুকলি কৰিছিল Financial Cyber Fraud Reporting & Management System ৷





    অৱশ্যে এই চিষ্টেমক জনাবলৈ সাংসদ প্ৰদান সমগ্ৰ ঘটনাৰ বিষয়ে জ্ঞাত নাছিল ৷ বিগত ৪-৫ মাহৰ পৰা হেকাৰে সৰকাই আছিল একাউন্টৰ ধন৷ ভাৰতীয় দণ্ডবিধিৰ ৪২০ ৰ লগতে তথ্য প্ৰযুক্তিৰ 66(C) /66 (D) ধাৰাৰ অধিনত ভঙাগড় আৰক্ষীথানাত ৰুজু হৈছে 413/21 নম্বৰত গোচৰ ৷ এই গোচৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীৰ চাইবাৰ টীমে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷