• হে’ ৰাম !

    ৰাজনৈতিক
    হে’ ৰাম !
    ডিজিটেল ডেস্ক: হে’ ৰাম! মৃত্যুৰ শীতল কোলাত শুই পৰি মহাত্মা গান্ধীয়ে উচ্চাৰণ কৰিছিল সেই শব্দ৷ মহাত্মা গান্ধীৰ দৰ্শনৰ প্ৰতি শ্ৰদ্ধাশীল ভাৰতবাসীয়ে ‘মহাত্মা গান্ধী’ নামৰ সত্তাটোৰ প্ৰতি বুকুত কঢ়িয়াই ফুৰে অপৰিমেয় শ্ৰদ্ধা৷ গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত ভাৰতবাসীয়ে গান্ধীৰ পৰিচয়েৰে বিশ্বৰ মানচিত্ৰত নিজকে চিনাকি দি আহিছে৷ ঔপনিৱেশিক শাসনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৫সংখ্যক বাৰ্ষিকী উদযাপন কৰাৰ সময়ত সাম্প্ৰতিক সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত গান্ধীৰ আদৰ্শৰ চৰ্চা এক প্ৰাসংগিক বিষয় হৈ পৰিছে৷

    গান্ধী হত্যাৰ সৈতে জড়িত হিন্দু মৌলবাদ আৰু একে ধৰণৰ মতাদৰ্শ আজিও ঘূৰি ফুৰিছে। কিন্তু, এইটো কোৱাতো ভুল হ’ব যে কেৱল হিন্দুত্ববাদী আদৰ্শত বিশ্বাসী ৰাজনৈতিক দলবোৰেহে গান্ধীৰ নীতিৰ বিৰোধিতা কৰিছিল।
    এনেদৰে যেতিয়া আমি কওঁ যে হিন্দুত্ববাদীসকলে গান্ধীক আক্ৰমণ কৰে আৰু গান্ধীক ঘৃণা কৰে৷ আমি পাহৰিব নালাগে যে তেওঁক আন বহুতে অপছন্দ কৰিছিল আৰু ইয়াৰে কিছুমান পৰম্পৰা আজিও ভাৰতত অব্যাহত আছে।

    দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক মৃদুলা মুখাৰ্জীৰ মতে, সাম্প্ৰদায়িক শক্তি আৰু গান্ধীক হত্যা কৰা তেওঁলোকৰ বিভাজনকাৰী আদৰ্শ আজি আমি ‘ঘৰ ৱাপচী’ আৰু ‘লাভ জিহাদ’ অভিযানৰ ৰূপত দেখাৰ দৰে একে আছিল। তেওঁ লগতে কয়, সাম্প্ৰদায়িক শক্তিৰ মূল উদ্দেশ্য হৈছে সম্প্ৰদায়সমূহৰ মাজত বিদ্বেষ বৃদ্ধি কৰা। ধৰ্মীয় পৰিচয়ই ইজনে সিজনৰ সৈতে বিবাদত থাকিব লাগিব বুলি ধাৰণাটো প্ৰচাৰ কৰাটো তেওঁলোকৰ লক্ষ্য। গান্ধীৰ হত্যাৰ সময়ত তেওঁলোকে সৃষ্টি কৰা নেতিবাচক পৰিৱেশ এতিয়াৰ প্ৰেক্ষাপটৰ সৈতে একেই৷

    স্বাধীনোত্তৰ কালত মহাত্মা গান্ধীক হত্যা কৰাৰ পৰা একবিংশ শতিকাৰ নতুন ভাৰততো মহাত্মা গান্ধীৰ আদৰ্শক অৱদমন আৰু অৱনমন কৰাৰ প্ৰয়াস পৰিলক্ষিত হয়৷ সম্প্ৰতি ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক পূজ্যপুৰুষ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে৷ তাৰ বিপৰীতে, গান্ধীৰ আদৰ্শক নস্যাৎ কৰি দেশজুৰি গান্ধীক অপ্ৰাসংগিক কৰি তুলিব বিচৰা হৈছে৷ আনকি, ভাৰতৰ সামাজিক প্ৰেক্ষাপটৰ পৰা মহাত্মা গান্ধীৰ চৰ্চা আঁতৰাই নতুনকৈ নেতাজী সুভাষ চন্দ্ৰ বসুক বিভিন্নধৰণে উপস্থাপন কৰা হৈছে৷ উল্লেখৰ প্ৰয়োজন যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত দুয়োগৰাকী দেশপ্ৰাণে আকাংক্ষিত স্বাধীনতা প্ৰাপ্তিৰ বাবে সৰ্বস্ব উজাৰি দিছিল৷ তৎসত্ত্বেও, শেহতীয়াকৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা নেতাজীক ভিন্নধৰণে উপস্থাপন কৰাৰ কৌশল আৰু চাতুৰ্যতা দেখি বহুতে গান্ধীৰ আদৰ্শক ভাৰত চৰকাৰে নস্যাৎ কৰিবলৈ বিচৰা বুলি ক’ব খোজে৷

    মৃত্যুৰ শীতল শয্যাৰ পৰা ‘হে ৰাম’ বুলি কোৱা গান্ধীৰ দেশত এতিয়া হিন্দু ধৰ্মৰ উপাস্য ৰামক কেন্দ্ৰ কৰিয়ে ৰাজনৈতিক দলবিশেষৰ ৰাজনৈতিক উত্থান-পতন নিৰ্ভৰশীল৷ যিমানেই ভাৰতত মহাত্মা গান্ধীক অৱদমন কৰাৰ প্ৰয়াস চলিছে, সিমানেই নতুন জ্যোতিৰে উদ্ভাসিত হৈছে গান্ধী৷ যিমানেই গান্ধীক নস্যাৎ কৰি নাথুৰামক নায়ক সজোৱাৰ প্ৰস্তুতি চলিছে, সিমানেই দেশৰ নতুন প্ৰজন্মৰ মাজত গান্ধীৰ আদৰ্শ আৰু গান্ধীবাদৰ চৰ্চা, অধ্যয়ন বৃদ্ধি পাবলৈ ধৰিছে৷

    মহাত্মা গান্ধী চিৰপ্ৰোজ্জ্বল এক সাহসৰ চাকি হৈ ভাৰতবাসীৰ বুকুত জ্বলি ৰ’ব চিৰকাল৷