• ২০২১ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বৈঠক কংগ্ৰেছৰ

    ৰাজনৈতিক
    ২০২১ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বৈঠক কংগ্ৰেছৰ

    গুৱাহাটী: ২০২১ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বৈঠক কংগ্ৰেছৰ৷ কেন্দ্ৰীয় পৰ্যৱেক্ষকৰ উপস্থিতিত দীঘলীয়া বৈঠক অনুস্থিত হয় গুৱাহাটীত৷ হিমন্তৰ গ’লৰ প্ৰত্যুত্তৰ গ’লেৰে দিবলৈ সাজু কংগ্ৰেছ৷ বিজেপি-হিমন্তক কটাক্ষ কৰি সৰৱ হৈ পৰে ৰিপুণ বৰা৷





    আৰু পঢ়িব পাৰিব : বংগত পুনৰ গঠন হ’ব মমতাৰ চৰকাৰৰ!





    তেওঁ কয়, 'বিজেপিত এতিয়া পয়োভৰ ঘটিছে কংগ্ৰেছী নেতাৰ৷ বিজেপিগামীয়ে এজেণ্টৰ দৰে কাম কৰিছে কংগ্ৰেছৰ বাবে৷' তদুপৰি সৰ্বভাৰতীয় সংবাদ মাধ্যমক মোদী মিডিয়া আখ্যা দিয়ে প্ৰদ্যুত্ বৰদলৈয়ে৷





    আৰু পঢ়িব পাৰিব : ৰাজ্যত প্ৰতিবছৰে ধৰ্ষণৰ বলি হয় প্ৰায় ১৭০০ মহিলা: কংগ্ৰেছ





    ৩ ঘণ্টীয়া বৈঠকত কেইবাটাও ভাগত আলোচনা কৰে দলটোৱে৷ প্ৰতিটো আঞ্চলিক দলক একত্ৰ যুঁজৰ আহ্বান জিতেন্দ্ৰ সিঙৰ৷ সিঙৰ ভাষ্য় অনুসৰি AIUDFৰে মিত্ৰতাৰ সিদ্ধান্ত ল’ব AICC-এ৷