• ২৫ কোটিৰ বিনিময়ত মমতাক বেচিব খুজিছিল পেগাচাছ স্পাইৱেৰ

    ৰাজনৈতিক
    ২৫ কোটিৰ বিনিময়ত মমতাক বেচিব খুজিছিল পেগাচাছ স্পাইৱেৰ

    আনৰ গোপনীয়তাত হাত দিবলৈ ৰাজী হোৱা নাছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী


    ডিজিটেল ডেস্ক: ‘পেগাচাছ’ক লৈ মুখ খুলিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰি কৈছে যে, পশ্চিম বংগ চৰকাৰক ২৫ কোটি টকাৰ বিতৰ্কিত পেগাচাছ স্পাইৱেৰ আগবঢ়োৱা হৈছিল৷ কিন্তু, সেয়া গ্ৰহণ কৰিবলৈ তেওঁ অস্বীকাৰ কৰিছিল৷

    বেনাৰ্জীয়ে লগতে অভিযোগ কৰে যে দেশৰ নিৰাপত্তাৰ বাবে স্পাইৱেৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে, কেন্দ্ৰীয় চৰকাৰে স্পাইৱেৰটো ‘ৰাজনৈতিক কাৰণ’ত ব্যৱহাৰ কৰা হৈছিল৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ৰাজ্যিক আৰক্ষীৰ সৈতে অতি কমেও চাৰিৰ পৰা পাঁচ বছৰ আগতে বিতৰ্কিত ইজৰাইলী স্পাইৱেৰটো মাত্ৰ ২৫ কোটি টকাত বিক্ৰী কৰাৰ প্ৰস্তাৱ লৈ যোগাযোগ কৰা হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে যেতিয়া তেওঁ এইবিষয়ে জানিব পাৰিছিল তেতিয়াই তেওঁ ইয়াক প্ৰত্যাখ্যান কৰিছিল৷

    বেনাৰ্জীয়ে পশ্চিম বংগ বিধানসভাত কয়, তেওঁলোকে তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সকলোৰে কাষ চাপিছিল। তেওঁলোকে চাৰি-পাঁচ বছৰ আগতে আমাৰ আৰক্ষীৰ ওচৰলৈ গৈছিল আৰু ২৫ কোটি টকাত স্পাইৱেৰটো বিক্ৰী কৰাৰ প্ৰস্তাৱ দিছিল। মোৰ ওচৰত তথ্য আছিল, কিন্তু মই কৈছিলো যে আমাক ইয়াৰ প্ৰয়োজন নাই৷

    বংগৰ মুখ্যমন্ত্ৰীয়ে বুধবাৰে বিধানসভাত প্ৰকাশ কৰিছিল যে তেওঁৰ চৰকাৰক পেগাচাছ স্পাইৱেৰ আগবঢ়োৱা হৈছিল যিটো তেওঁ সেয়া ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰিছিল৷ কিয়নো ইয়াৰ মানুহৰ গোপনীয়তা বেদখল কৰাৰ সম্ভাৱনা আছিল।

    বিধানসভাত মন্তব্য প্ৰকাশৰ সময়ত, মমতা বেনাৰ্জীয়ে লগতে দাবী কৰিছিল যে অন্ধ্ৰ প্ৰদেশ চৰকাৰে চন্দ্ৰবাবু নাইডুৰ সময়ত এইটো ক্ৰয় কৰিছিল। অৱশ্যে, তেলেগু দেশম দলে দাবীটো অস্বীকাৰ কৰে আৰু কয় যে চন্দ্ৰবাবু নাইডু চৰকাৰে তেনে কোনো স্পাইৱেৰ ক্ৰয় কৰা নাই।

    BFC Banner