Spiritual
Horoscope for today Sunday …
Digital Desk: Aries (March 21-April 19)-Spend&nb
গুৱাহাটী : আজি খানাপাৰা গ্ৰীণউড ৰিজ’ৰ্টত কংগ্ৰেছৰ নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হয়৷ ইয়াৰ পাছতে অনুষ্ঠিত হ’ব স্ক্ৰীনিং কমিটীৰ বৈঠকো৷ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ৪৮ঘণ্টাৰ ভিতৰত ঘোষণাৰ সম্ভাৱনা আছে বুলি বৈঠকত জানিবলৈ দিয়ে নেতৃত্বই৷
আৰু পঢ়িব পাৰিব : কংগ্ৰেছৰে মিত্ৰতা : দুই মেৰুত অৱস্থান অখিল-লুৰিণৰ
দলৰ শীৰ্ষ নেতা জিতেন্দ্ৰ সিঙৰ উপস্থিতিৰ লগে লগে কংগ্ৰেছৰ আৰম্ভ নিৰ্বাচনী কমিটিৰ বৈঠক অনুষ্ঠিত হয়৷ এইবাৰ নিৰ্বাচনত বহু বিধায়কে টিকট নাপাব পাৰে বুলি জিতেন্দ্ৰ সিঙে ইংগিত দিয়ে৷ সমষ্টিভিত্তিক সমীক্ষাৰ তথ্য পৰ্যালোচনাৰ পাছতহে প্ৰাৰ্থীক টিকট দিয়াৰ সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ প্ৰকাশ কৰে৷
আৰু পঢ়িব পাৰিব : ‘নোখোৱাকৈ কাম কৰিব নোৱাৰোঁ, আমাক খৰি দিয়ক, ৰেচন দিয়ক’
এইবাৰ নিৰ্বাচনত যুৱ প্ৰজন্মই অগ্ৰাধিকাৰ লাভ কৰিব বুলি ইংগিত দিয়ে জিতেন্দ্ৰ সিঙে৷ এই বৈঠকত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়াকে ধৰি দলৰ ভালেমান নেতা-কৰ্মী উপস্থিত আছিল৷
Leave A Comment