scatter hitamscatter hitamslot thailandmpo slotslot thailandsv388
ৰাজ্যত এনকাউন্টাৰ বন্ধ হ'ব লাগে- অখিল Latest Assam News , Best Assamese News Channel, Assam News Live , North East Breaking news
  • ৰাজ্যত এনকাউন্টাৰ বন্ধ হ'ব লাগে- অখিল

    ৰাজনৈতিক
    ৰাজ্যত এনকাউন্টাৰ বন্ধ হ'ব লাগে- অখিল

    গুৱাহাটী : শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিজেপিক কঠোৰভাৱে সমালোচনা কৰে৷ আৰক্ষীয়ে কৰা এনকাউণ্টৰক প্ৰথমবাৰলৈ মুখ খুলিলে বিধায়কগৰাকীয়ে৷ ৰাজ্যত এনকাউন্টাৰ বন্ধ হ'ব লাগিব বুলি দাবী শিৱসাগৰৰ বিধায়কগৰাকীৰ৷ তেওঁৰ মতে, কেৱল সংখ্যালঘু মানুহকে আৰক্ষীয়ে এনকাউন্টাৰ কৰা নাই৷ বিধায়কগৰয়কীৰ নিজ সমষ্টিৰ ভূপেন বৰুৱা নামৰ অভিযুক্ত এজনকো আঘাতপ্ৰাপ্ত কৰিছে৷ এনেদৰে এনকাউন্টাৰ বা গুলিওৱাটো ভাল কথা নহয় বুলি মন্তব্য অখিলৰ৷





    আনহাতে এনকাউন্টৰ কৰাৰ ওপৰত এক তদন্ত হ'ব লাগে বুলিও প্ৰকাশ কৰে তেওঁ৷ 'শিৱসাগৰৰ সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে৷ সাংবাদিকো এতিয়া সুৰক্ষিত নহয়' এইয়া এক দুৰ্ভাগ্যজনক আখ্যা অখিলৰ৷ এইয়া একনায়ত্ববাদ ফেচীবাদ বুলি মন্তব্য তেওঁৰ৷ বিজেপিৰ এই কাৰ্যৰ বাবে অখিল সদায় বিৰোধীতা কৰি যাব৷ অখিল সদায় অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আছে বুলিও মন্তব্য কৰে৷ ড্ৰাগছ বিৰুদ্ধে অভিযানৰ বিষয়ে মন্তব্য কৰি তেওঁ কয় ড্ৰাগছ বিৰোধী অভিযান চলি আছে কিন্ত ছেইনডাল এতিয়াও নাইকিয়া কৰিব পৰা নাই৷ আনহাতে বানপানী আৰু গৰাখহনীয়া বিষয় আজি বিধানসভাত উত্থাপন কৰিব বুলিও কয় তেওঁ৷ 'মোৰ ৬ টা প্রশ্ন ৰিজেকট কৰা হৈছে৷' তাৰউপৰিও পৰেশ বৰুৱা আলোচনা মাজলৈ আহিবলৈ আহ্বান অখিল গগৈৰ ৷ অসমত শান্তিৰ পৰিবেশ গঢ়ি তুলিব লাগে৷