• ৰাজ্যসভা নিৰ্বাচনঃ কংগ্ৰেছৰ মতবিৰোধ বাঢ়িছে

    ৰাজনৈতিক
    ৰাজ্যসভা নিৰ্বাচনঃ কংগ্ৰেছৰ মতবিৰোধ বাঢ়িছে
    ডিজিটেল ডেস্কঃ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ বাবে শাসক আৰু বিৰোধীয়ে কাক কাক প্ৰাৰ্থিত্ব দিব, সেয়া এতিয়াও থিৰাং হোৱা নাই। বিজেপিয়ে ৰাজ্যসভাৰ দুয়োখন আসনতে নিজাকৈ প্রাৰ্থিত্ব দিব বুলি ঘোষণা কৰিছে। অৱশ্যে বিজেপিয়ে কাক প্ৰাৰ্থিত্ব দিব, সেয়া বহুলাংশে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত নিৰ্ভৰ কৰিছে। ৰাজ্যসভাৰ দুখন আসনৰ এখন অগপ আৰু বি পি এফে বিচাৰিছে। বিজেপিক আনুষ্ঠানিকভাৱে এতিয়ালৈকে এই দুটা দলৰ তৰফৰ পৰা এই বিষয়ে কোৱা নাই যদিও আঞ্চলিক দল দুটাৰ দুগৰাকী নেতাই সংবাদ মাধ্যমৰ জৰিয়তে এই দাবী কৰিছে।

    ৰাজ্যসভা

    অগপ নেতা তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৰাজহুৱা কৰিছে যে ৰাজ্যসভাৰ খালী হ’বলগীয়া দুখন আসনৰ দ্বিতীয়খন অগপক এৰি দিব লাগে। সেইদৰে বি পি এফৰ বিধায়ক দুৰ্গা দাস বড়োৱেও দাবী কৰিছে যে দ্বিতীয়খন আসনত এগৰাকী বড়োমূলীয় লোকক প্রাৰ্থিত্ব দিব লাগে। এই সম্পৰ্কত বিজেপিৰ তৰফৰ পৰা একো কোৱা হোৱা নাই যদিও জানিব পৰা মতে ৰাজ্যসভাৰ দুয়োখন আসনত বিজেপিয়ে নিজৰ পছন্দৰ লোকক প্ৰাৰ্থী হিচাপে আগবঢ়াব।

    কংগ্ৰেছ তথা বিৰোধীয়ে দ্বিতীয়খন আসনৰ বাবে প্ৰাৰ্থী আগবঢ়াব। প্রথমখনৰ বাবে কাকো প্ৰাৰ্থিত্ব নিদিয়ে বুলি থিৰাং কৰিছে। দ্বিতীয়খন আসনত বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী দিব বুলি প্রকাশ। ইতিমধ্যে কংগ্ৰেছ নেতৃত্বই এই সম্পৰ্কত এআইইউডিএফৰ সৈতে আলোচনা কৰিছে। এআইইউডিএফে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে কংগ্ৰেছক সমৰ্থন কৰাৰ সলনি নিজৰ দলৰ এগৰাকী লোকক প্ৰাৰ্থী কৰিব লাগে বুলি দাবী জনাইছে। অৱশ্যে এআইইউডিএফে এই দাবী লাহে লাহে প্রত্যাহাৰ কৰাৰ পথত৷

    দিছপুৰৰ নিৰ্ভৰযোগ্য সূত্ৰই দাবী কৰিছে যে বিৰোধীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীকে উমৈহতীয়া প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰাৰ সম্ভাৱনা আটাইতকৈ বেছি। কংগ্ৰেছ আৰু এআইইউডিএফৰ বাহিৰে বিৰোধী শিবিৰত দুটা দলৰ দুগৰাকী বিধায়ক আছে। এওঁলোকৰ হ’ল সৰভোগ সমষ্টিক প্রতিনিধিত্ব কৰা চিপিএমৰ মনোৰঞ্জন তালুকদাৰ আৰু শিৱসাগৰ সমষ্টিক প্রতিনিধিত্ব কৰা ৰাইজৰ দলৰ অখিল গগৈ। বিৰোধী ঐক্য শক্তিশালী হোৱাৰ স্বাৰ্থত চিপিএমে কংগ্ৰেছক সমৰ্থন কৰিব বুলি প্রকাশ। ৰাইজৰ দল তথা বিধায়ক অখিল গগৈয়ে কাক সমৰ্থন কৰিব এতিয়ালৈকে নিশ্চিত হোৱা নাই। বিজেপি বিৰোধী শিবিৰ হিচাপে অখিল গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীকে সমৰ্থন কৰাৰ সম্ভাৱনা আছে।

    এতিয়া প্রশ্ন উঠিছে, কংগ্ৰেছে ৰাজ্যসভা নিৰ্বাচনত কাক প্ৰাৰ্থিত্ব দিব? কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচৰা লোকৰ সংখ্যা কম নহয়। কেইবাজনৰো নাম ইতিমধ্যে উচ্চাৰিত হৈছে। এইক্ষেত্ৰত প্ৰথমেই ৰাজ্যসভাৰ বৰ্তমানৰ সাংসদ ৰিপুন বৰাৰ নাম উচ্চাৰিত হৈছে। ৰিপুন বৰাই প্ৰাৰ্থিত্বৰ বাবে হাইকমাণ্ডৰ লগত কথাও পাতিছে। প্ৰদেশ কংগ্ৰেছত লবীকেন্দ্ৰিক ৰাজনীতিৰ কথা নতুন নহয়। এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু হাইকমাণ্ড থকা সত্ত্বেও অসম প্ৰদেশ কংগ্ৰেছ কমিটী বিভিন্ন দল-উপদলত বিভক্ত। কংগ্ৰেছ নেতাসকলে বিজেপিক প্রথম আৰু প্রধান শত্ৰু হিচাপে গণ্য নকৰে। তেওঁলোকে দলৰ ভিতৰৰ নেতাসকলকহে প্রথম আৰু প্রধান শত্ৰু হিচাপে গণ্য কৰি আহিছে। ইজনে-সিজনৰ পৰাজয় বিচাৰি কৰি অহা ৰাজনীতিৰ ফল দলটোৱে ইতিমধ্যে ভোগ কৰিছে। দল-উপদলত বিধ্বস্ত কংগ্ৰেছৰ স্বৰূপ ৰাজ্যসভাৰ বাবে প্ৰাৰ্থী নিৰ্বাচন আৰু ভোটগ্ৰহণৰ দিনা প্ৰকট হ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে। কংগ্ৰেছক বিজেপিয়ে যিমান ক্ষতি কৰিছে, তাতকৈ অধিক ক্ষতি কৰিছে লবীকেন্দ্ৰিক ৰাজনীতিয়ে।

    ৰাজ্যসভা

    ৰাজীৱ ভৱনত দলক আগবঢ়াই নিয়াৰ বিষয়ে আলোচনা প্রায় নহয়। ৰাজীৱ ভৱনত কিদৰে দলীয় নেতাৰ ভাবমূৰ্তি বিনষ্ট কৰিব পাৰি, কিদৰে বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰি, তাব কূটকৌশল ৰচনা কৰা হয়। তদুপৰি কংগ্ৰেছৰ এই বিপৰ্যয়ৰ দিনতো বিজেপিক কিদৰে ৰুধিব পাৰি, সেই সম্পৰ্কত কোনোধৰণৰ গুৰুত্বপূণ আলোচনা ৰাজীৱ ভৱনত নহয়। এতিয়া হাইকমাণ্ডে ৰাজ্যসভা নিৰ্বাচনৰ বাবে কাক প্রাৰ্থিত্ব দিব, সেয়া ঠিৰাং কৰাৰ পাছতো কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক হৰুৱাবলৈ বিজেপিতকৈ কংগ্ৰেছৰ ভিতৰতহে কিছুমান লোক অধিক সক্ৰিয় হোৱাৰ সম্ভাৱনা আছে।

    উপদলীয় এই সংঘাতৰ পৰা মুক্তি নোপোৱা পৰ্যন্ত অসমত কংগ্ৰেছ বিৰোধী শিবিৰতে থাকিব লাগিব বুলি পৰ্যবেক্ষক মহলে মন্তব্য কৰিছে। উল্লেখযোগ্য যে, বিজেপিত নেতাতকৈ দলীয় স্বাৰ্থই অগ্ৰাধিকাৰ পায় বুলি কোৱা হয়। ইয়াৰ বিপৰীতে কংগ্ৰেছত দলীয় স্বাৰ্থ গৌণ হৈ পৰে আৰু নেতাৰ স্বাৰ্থই অগ্ৰাধিকাৰ পাই আহিছে। এনেদৰে কংগ্ৰেছ আগবাঢ়িছে অধিক বিপৰ্যয়ৰ দিশে৷ আগন্তুক পৌৰসভা আৰু ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয় পুনৰ এবাৰ ৰাজহুৱা হ’ব। এইটোও ঠিক যে ক্ষমতাত থাকোতে আজিৰ বিজেপিৰ দৰে কংগ্ৰেছো শক্তিশালী আছিল। ক্ষমতাৰ বাহিৰত থাকিলে বিসম্বাদ কি পৰ্যায়লৈ গতি কৰে, সেই অভিজ্ঞতা কংগ্ৰেছ আৰু বিজেপিৰ আছে!