• ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ঠিকাভিত্তিক কনিষ্ঠ সহায়ক সন্থাৰ প্ৰতিবাদ

    ৰাজনৈতিক
    ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ঠিকাভিত্তিক কনিষ্ঠ সহায়ক সন্থাৰ প্ৰতিবাদ

    ডিজিটেল ডেস্কঃ এনআৰচিৰ চাকৰিৰ পৰা অব্যাহতি দিয়া কনিষ্ঠ সহায়কসকলক পুনৰ নিযুক্তিৰ দাবীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সদৌ অসম ঠিকাভিত্তিক কনিষ্ঠ সহায়ক সন্থাৰ উদ্যোগত মহানগৰীৰ চচলত থকা ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতিবাদীসকলে হাতে হাতে ফ্লেগ, বেনাৰ, ফেষ্টোন আদি লৈ বিভিন্ন চৰকাৰবিৰোধী-শ্ল’গানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তোলে।





    উল্লেখ্য যে, ২০১৪ চনত ৰাজ্যৰ গৃহ বিভাগে এক নিৰ্দেশনাযোগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ২৬২জন নিবনুৱাক কনিষ্ঠ সহায়ক পদত নিযুক্তি দিছিল। ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্য চৰকাৰে এক নিৰ্দেশনাযোগে ২৬২জন নিবনুৱাক কনিষ্ঠ সহায়ক পদৰ পৰা অব্যাহতি দিয়ে। কনিষ্ঠ সহায়ক পদৰ পৰা অব্যাহতি দিয়া  ২৬২জন নিবনুৱাই ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীক বহুবাৰ আৱেদন-নিবেদন কৰিও কোনোধৰণৰ সঁহাৰি পোৱা নাই। বঞ্চিত ২৬২জন নিবনুৱাই চৰকাৰৰ ওচৰত পুনৰ নিযুক্তিৰ দাবী জনাইছে। অন্যথা পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।


    @stak('js')