• ‘কা’বিৰোধৰ বাবে নহয়, মাওবাদীৰে সম্পৰ্কৰ বাবেহে অখিলক গ্ৰেপ্তাৰ : হিমন্ত

    ৰাজনৈতিক
    ‘কা’বিৰোধৰ বাবে নহয়, মাওবাদীৰে সম্পৰ্কৰ বাবেহে অখিলক গ্ৰেপ্তাৰ : হিমন্ত

    গুৱাহাটী : 'কা' আন্দোলন কৰাৰ বাবে অখিল গগৈক গ্ৰেপ্তাৰ কৰা নাই। অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছে মাওবাদীৰে সম্পৰ্ক থকাৰ বাবেহে। এই মন্তব্য স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ সন্দৰ্ভত আজি মন্ত্ৰীগৰাকীয়ে ভালেমান মন্তব্য প্ৰকাশ কৰে৷





    আৰু পঢ়িব পাৰিব : আজি কৃষক-কেন্দ্ৰৰ অষ্টমলানি আলোচনা, চৰকাৰ আশাবাদী





    কেনেকৈ কৃষক মুক্তিৰ কেডাৰক মাওবাদীৰ প্ৰশিক্ষণৰ বাবে পঠাইছিল সেই কথা নিয়াৰ আদালতৰ চাৰ্জশ্বীটত উল্লেখ কৰা বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে৷ ইপিনে, আছুকো কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে৷ এজেপিলৈ আছুৰ মুকলি সমৰ্থনৰ প্ৰসংগত হিমন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷





    আৰু পঢ়িব পাৰিব : নতুন ক’ভিড ষ্ট্ৰেইনৰ ভয়াৱহতাৰ মাজতে লণ্ডনৰপৰা ভাৰতলৈ আহিল ২৪৬জন লোক





    তেওঁ কয়, 'এতিয়া আৰু আছু জাতীয় সংগঠন হৈ থকা নাই। সংবাদ মাধ্যমেও আৰু আছুৰ আগত জাতীয় সংগঠন লিখিবলৈ বাদ দিয়া উচিত।' ‘এজেপি’ আৰু ‘ৰাইজৰ দল’ৰ কোনো প্ৰাৰ্থীয়ে নিৰ্বাচনৰ পাছত আমানত ধন ঘূৰাই নাপায় বুলিও তেওঁ দাবী কৰে। দুয়োটা দলৰ সফলতা শূন্য হ'ব বুলিও তেওঁ দাবী কৰে৷