• ‘সাহসৰ অনন্ত সিন্ধু’- সুধাকণ্ঠৰ গীতৰ কলিৰে ভাষণ উপস্থাপন মোদীৰ

    ৰাজনৈতিক
    ‘সাহসৰ অনন্ত সিন্ধু’- সুধাকণ্ঠৰ গীতৰ কলিৰে ভাষণ উপস্থাপন মোদীৰ

    ঢেকিয়াজুলী : এইবাৰ ব্যতিক্ৰমী ৰূপত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ সুধাকণ্ঠৰ গীতৰ কলিৰে ভাষণ উপস্থাপন মোদীৰ৷ ভাষণৰ মাজতেই ‘সাহসৰ অনন্ত সিন্ধু…’ কলিৰ উল্লেখ প্ৰধানমন্ত্ৰীগকাৰীৰ৷ প্ৰথমেই জনগোষ্ঠীয় ভাষাৰে ভাষণ আৰম্ভ কৰে তেওঁ৷





    আৰু পঢ়িব পাৰিব : অসমবাসীৰ গভীৰ আন্তৰিকতাই মোক আপ্লুত কৰে৷ এয়া ভ্ৰমণ নহয়, আপোনালোকৰ দৰ্শনৰ বাবে আহিছোঃ মোদী





    ইপিনে অসমবাসীৰ গভীৰ আন্তৰিকতাই মোদীক আপ্লুত কৰিছে বুলিও মন্তব্য কৰাৰ লগতে এয়া ভ্ৰমণ নহয়, অসমীয়াক দৰ্শনৰ বাবে আহিছে প্ৰধানমন্ত্ৰীগৰাকী৷ অসমৰ উন্নয়নৰ কথা আওৰাই তেওঁ কয়, 'উন্নয়নৰ বাবে অসম, পূৰ্বোত্তৰে দীঘলীয়া অপেক্ষা কৰিলে৷ আজিৰ দিনটো অসমৰ উন্নয়নৰ বিশেষ দিন৷'





    আৰু পঢ়িব পাৰিব : নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ গোলকীয় ভাবমূৰ্তি সংকটত নেকি? 





    ইপিনে হিংসাদ্বেষ আঁতৰাই উন্নয়নৰ পথত আগুৱাইছে অসম বুলিও মন্তব্য কৰে তেওঁ৷ লগতে মোদীয়ে উল্লেখ কৰে যে, ২০১৬লৈ অসমত মাত্ৰ ৬খন মেডিকেল কলেজ আছিল৷ বিজেপি চৰকাৰে ৫ বছৰতে কৰিলে ৫খন মেডিকেল কলেজ স্থাপন কৰিলে৷ এতিয়া অসমে প্ৰতিবছৰে পাব ১৬শ চিকিৎসক৷ যাৰ ফলত দৰিদ্ৰতাপিষ্ট মেধায়ো সুযোগ পাব বুলি মোদীয়ে দোহাৰে৷