ডিজিটেল ডেস্ক: আজি ৰহাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। ৰহাত উপস্থিত হৈয়ে অসমৰ মিডিয়াক উচ্চ প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কয়, অসমৰ মিডিয়াই ভাল ভাল কাম কৰে। অসমৰ মিডিয়া বহুত স্মাৰ্ট হোৱাৰ লগতে বহুত দায়িত্বশীল। অসমৰ মিডিয়া বহুত ভাইব্ৰেন্ট হয় বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
মংগলবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভা প্ৰৱাস যোজনাৰ অংশ হিচাপে ৰহাৰ ঘাঁহীত নৱ প্ৰজন্মৰ ভোটাৰৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশ লৈছিল। সেই মত-বিনিময় অনুষ্ঠানতে কংগ্ৰেছক কঠোৰ সমালোচনা কৰে ৰিজিজুৱে। ইপিনে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অৰ্থহীন বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ৰাহুল গান্ধীয়ে ভাৰতক ভাগ ভাগ কৰি জাতি জনগোষ্ঠীৰ মাজত বিবাদ আনিছে। পাকিস্তান আৰু সন্ত্ৰাসবাদীয়ে যি কথা কয় ৰাহুল গান্ধীয়ে তাকেই কয় বুলি মন্তব্য কৰে ৰিজিজুৱে।
উল্লেখযোগ্য যে, ২৪ৰ নিৰ্বাচনলৈ এতিয়া সাজু হৈছে বিজেপি । শাসকীয় দলটোৱে আৰম্ভ কৰিছে নিৰ্বাচনী কুছকাৱাজ, সাংগঠনিক তৎপৰতা। এতিয়া যুঁজত নামি পৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। ৰিজিজুয়ে সঘনাই তৃণমুল কৰ্মীৰ সৈতে কৰিছে মেল-মিটিং। শেহতীয়াভাৱে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে নগাওঁ আৰু কলিয়াবৰ লোকসভা সমষ্টিত বৃদ্ধি কৰিছে সাংগঠনিক কাম-কাজ।
Leave A Comment