ডিজিটেল ডেস্ক
মূল্যবৃদ্ধি, কৰ্ম সংস্থাপনহীনতায়ে হতাশ কৰি তোলা আজিৰ প্ৰজন্মটোৰ বাবে অৰবিন্দ কেজৰিৱাল অলপ আশাৰ কিৰণ স্বৰূপ৷ বছৰ বছৰ ধৰি ৰাজনীতিৰ পাশাখেলত সৰ্বস্বান্ত হোৱা মানুহেও কেজৰিৱালৰ বাবেই ৰাজনীতিৰ ওপৰত কিঞ্চিত বিশ্বাস কৰিবলৈ লৈছে৷ দিল্লীৰ শিক্ষা ,স্বাস্থ্য ব্যৱস্থাৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সূচনা কৰি তেওঁ ঘূৰাই আনিছে ৰাজহুৱাখণ্ডটোৰ ওপৰত থকা মানুহৰ বিশ্বাসক৷ এক কথাত ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটোত সুস্থ চিন্তাৰ উন্মেষ ঘটোৱাৰ বাবে প্ৰশংসাৰ পাত্ৰ অৰবিন্দ কেজৰিৱাল৷
শেহতীয়াকৈ নিউয়ৰ্ক টাইমছেও প্ৰথম পৃষ্ঠাত দিল্লীৰ শিক্ষা ব্যৱস্থাক প্ৰশংসা কৰিছে৷ ভাৰতৰ বহু ৰাজ্যই পৰোক্ষভাৱে কেজৰিৱালৰ উন্নয়নৰ মডেল নিজ ৰাজ্যত ব্যৱহাৰো কৰিছে৷ আনফালে কেজৰিৱালৰ জনপ্ৰিয়তাই শংকিত কৰি তুলিছে বিজেপি চৰকাৰক৷ গুজৰাট আৰু হিমাচল প্ৰদেশৰো নিৰ্বাচন সমাগত৷ সেই দুই ৰাজ্যতো কেজৰিৱালে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অন্ততঃ প্ৰকৃতাৰ্থত ৰাজনৈতিকভাৱে সচেতন মানুহখিনিয়ে ভাৰতৰ ৰাজনীতিত কেজৰিৱালৰ মূল্য ভালকৈয়ে বুজি পায়৷ সাম্প্ৰদায়িকতাৰে ভোট বেংকৰ ওজন বঢ়াব খোজা বিজেপিৰ চাতুৰ্যতায়ে সকলোকে মূৰ্খ সাজিব নোৱাৰে৷
হিমাচল আৰু গুজৰাট নিৰ্বাচন যিমানেই কাষ চাপিছে সিমানেই নানা কূটকৌশলৰে আপক ৰাইজৰ দৃষ্টিত হেয় প্ৰতিপন্ন কৰাত নামি পৰিছে বিজেপি৷
প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী কপিল শিৱালৰ মন্তব্যতো কেজৰিৱালক লৈ বিজেপিৰ আভ্যন্তৰীণ ভীতি স্পষ্ট হৈ পৰিল৷ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে কেজৰিৱালৰ উত্থানত অস্থিৰ হৈ পৰিছে বিজেপি৷ চেন্ট্রেল ব্যুৰো অফ ইনভেস্টিগেশন এণ্ড এনফোর্সমেন্টক বিজেপিৰ শক্তিশালী অস্ত্ৰ বুলিও উল্লেখ কৰে মন্ত্ৰী জনে৷ পূৰ্বতে সতেন্দ্ৰ জৈন আৰু বৰ্তমান মনীষ ছিচ’ডিয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে৷
কেজৰিৱালৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ বাব
চেন্ট্রেল ব্যুৰো অফ ইনভেস্টিগেশন এণ্ড এনফোর্সমেন্টক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি বিজেপিয়ে দিল্লীৰ প্ৰায় ২১ টা স্থানৰ তালাচী চলাইছে৷ কিন্তু প্ৰত্যেকবাৰেই বিফল হৈছে বিজেপি৷ অনাগত দিনটো কেজৰিৱালৰ জনপ্ৰিয়তা হ্ৰাসৰ বাবে বিজেপি দলে নিজৰ ক্ষমতাক ব্যৱহাৰ কৰিব সেইয়া নিশ্চিত৷
হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি কৰা বিজেপিয়ে কেজৰিৱালৰ পৰা সুস্থ ৰাজনৈতিক জ্ঞান আহৰণ কৰা উচিত৷ বিজেপি নেতা সকলে ভাষণৰ ফুলজাৰি মাৰিলেও ভাৰতৰ নিম্নগামী অৰ্থনীতি, সামাজিক উশৃঙ্খলতা, পয়া লগা শিক্ষা-স্বাস্থ্য ব্যৱস্থাই সকলো জনতাকে সন্দিহান কৰি তুলিছে৷ গতিকে সকলোৱে সপোন দেখিছে যে কেজৰিৱালৰ দৰে নেতাই এনে দুৰ্দিন দূৰ কৰিব পাৰিব৷ সেয়ে ৰাইজ থিয় হৈ কেজৰিৱালৰ পক্ষত৷ কেজৰিৱালে ভাল দিন আনক ভাৰতলৈ৷ সাম্প্ৰদায়িকতাৰ বিপৰীতে সুস্থিৰতাৰ সৃষ্টি কৰক ভাৰতত৷
Leave A Comment