ডিজিটেল ডেস্কভাৰতীয় সংস্কৃতিৰ পৰিসীমা যথেষ্ট ব্যাপ্ত৷ কেৱল ভাৰতবৰ্ষতেই নহয় , বিদেশতো আদৰ বাঢ়িছে ভাৰতীয় সংস্কৃতিৰ ৷
মঙলবাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঋষি চুনাক আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিক লণ্ডনত গো -পূজা কৰি থকা অৱস্থাত দেখা পোৱা যায়৷
বৰিছ জনছনৰ উত্তৰাধিকাৰী হোৱাৰ প্ৰতিযোগিতাত নামি পৰা ঋষি চুনাকৰ গো-পূজা কৰি থকা ভিডিঅ’টো বৰ্তমান ভাইৰেল হৈ পৰিছে চ’চিয়েল মিডিয়াত৷
ভাইৰেল ভিডিঅ'টোত, সুনাকক এটা গৰুৰ বেষ্টনীত দেখা গৈছে৷ লগতে পবিত্ৰ পানী আগবঢ়োৱাৰ পিছত তেওঁক হাতত পিতলৰ পাত্ৰ লৈ থকা দেখা গৈছে৷ দম্পতীহালৰ চাৰিওফালে থকা পুৰোহিতসকলে তেওঁলোকক পৰৱৰ্তী ৰীতি-নীতিৰ বিষয়ে কোৱাও ভিডিঅ’টোত দেখা গৈছে।
ভিডিঅ'টোৰ শেষাৰ্ধত, শ্ৰীযুত সুনক আৰু তেওঁৰ পত্নী দুয়োকে গৰুৰ আৰতি প্ৰদৰ্শন কৰা দেখা গৈছে
ইয়াৰ পূৰ্বেও জন্মাষ্টমী উপলক্ষে ব্ৰিটিছ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ পত্নীৰ সৈতে এটা মন্দিৰ দৰ্শন কৰাৰ ভিডিঅ'ও ভাইৰেল হৈ পৰিছিল।
উল্লেখযোগ্য যে ,ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত এম বি এ পঢ়ি থকা অৱস্থাত লগ পোৱা দম্পতীহালে ২০০৬ চনত বাংগালোৰত বিবাহপাশত আৱদ্ধ হৈছিল ৷
লগতে, অহা ৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হ'ব।
Leave A Comment