ডিজিটেল ডেস্ক: হাৰিয়ানা বিধানসভাৰ মুঠ ৯০খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিয়ে ৪৮খন আসন লাভ কৰি ইতিমধ্যে পৰৱৰ্তী চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিছে। বিজেপি দলে একেৰাহে তিনিবাৰ কৈ বিধানসভাৰ নির্বাচনত জয়লাভ কৰি ইতিহাস ৰচনা কৰিছে৷ সম্প্ৰতি হাৰিয়ানাত দলীয় জয় পৰাজয়ৰ উপৰিও ৰাজনীতিত মহিলাৰ অংশগ্ৰহণএটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। সদ্যঘোষিত হাৰিয়ানা নিৰ্বাচনত মুঠ ১৩ গৰাকী মহিলা বিজয়ী হৈছে, যিটো মুঠ আসনৰ প্ৰায় গড়ে ১৪ শতাংশ।
২০১৯ চনৰ বিগত বিধানসভা নিৰ্বাচনত মুঠ ৯ গৰাকী মহিলাই জয়লাভ কৰিছিল। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিধানসভাত মহিলাৰ প্ৰতিনিধিত্ব আছিল মাত্ৰ ১০ শতাংশ। ইয়াৰ পূৰ্বে ২০১৪ চনত বিধানসভা নিৰ্বাচনৰ ইতিহাসত সৰ্বাধিক ১৩ গৰাকী মহিলা নিৰ্বাচনত জয়ী হৈছিল।
২০০৯ চনত মহিলা প্ৰাৰ্থী বিজয়ীৰ সংখ্যা আছিল ৯ গৰাকী, আনহাতে ২০০৫ চনত ১১ গৰাকী মহিলাই বিধানসভাৰ নিৰ্বাচনত জয়ী হৈছিল। ২০০০ চনৰ নিৰ্বাচনত জয়ী হোৱা মহিলাৰ সংখ্যা আছিল মাত্ৰ চাৰিগৰাকী। যদি ৯০ৰ দশকলৈ ঘুৰি চোৱা যায় ১৯৯১ চনত অনুষ্ঠিত নিৰ্বাচনত মাত্ৰ ৬ গৰাকী আৰু ১৯৯৬ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত মাত্ৰ ৪ গৰাকী মহিলা জয়ী হৈছিল। পূৰ্বৰ নিৰ্বাচনসমূহতো মহিলাৰ স্থিতি কম বেছি পৰিমাণে প্ৰায় একেই পৰিলক্ষিত হয়।
বিগত হাৰিয়ানা বিধানসভা নিৰ্বাচনত মুঠ ৫১ গৰাকী মহিলাই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, য’ত কংগ্ৰেছে সৰ্বাধিক ১২ গৰাকী মহিলা প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছিল, বিজেপিয়ে ১০ গৰাকী মহিলা, আম আদমী পাৰ্টিয়ে ১১ গৰাকী মহিলাক প্ৰক্ষেপ কৰাৰ বিপৰীতে জননায়ক জনতা পাৰ্টি আৰু আজাদ সমাজ পাৰ্টিৰ মিত্ৰজোঁটে ৮ গৰাকী মহিলাক প্ৰক্ষেপ কৰিছিল
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১৯ চনত ১০৮ গৰাকী মহিলাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ২০১৪ চনত এই সংখ্যা আছিল ১১৬, আনহাতে ২০০৯ চনত ৬৯ গৰাকী মহিলাই বিভিন্ন দলৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। ২০০৫ৰ নিৰ্বাচনত ৬০ গৰাকী মহিলা আৰু ২০০০ চনত ৬৯ গৰাকী মহিলাই প্ৰতিদ্বন্দ্বিতা কৰিছিল৷
অৱশ্যে সদ্যঘোষিত হাৰিয়ানা নিৰ্বাচনত জয়ী হোৱা মহিলা প্ৰাৰ্থীৰ অধিকাংশই ৰাজনৈতিক পৰিয়ালৰ সৈতে গভীৰ সম্পৰ্ক থকাৰ লগতে বহু সংখ্যক প্ৰাৰ্থী নিজেই দীৰ্ঘদিন ধৰি ৰাজনীতিত থকা।
কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী মল্লযুঁজাৰু বিনেশ ফ’গাটৰ জয় সম্প্ৰতি চৰ্চা লাভ কৰিছে৷ জুলানা আসনৰ পৰা প্ৰায় ছয় হাজাৰ ভোটত জয়লাভ কৰিছে মল্লযুঁজাৰু বিনেশ ফ’গাটে।
বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী আৰতি ৰাওয়ে আটেলি আসনৰ পৰা জয়ী হৈছে। আৰতি ৰাও এগৰাকী শ্বুটিং চেম্পিয়ন। ২০১৭ চনত শ্বুটিঙৰ পৰা অৱসৰ লোৱাৰ পাছত ৰাজনীতিত যোগদান কৰে।
কলকা বিধানসভাৰ আসনৰ পৰা বিজেপিৰ প্ৰক্ষেপিত শক্তি ৰাণী শৰ্মাই জয়লাভ কৰে। ২০২০ চনৰ জুন মাহত তেওঁ ৰাজনীতিৰ ক্ষেত্ৰত ভৰি দিয়ে।
ৰাই আসনৰ পৰাও বিজেপিৰ প্ৰক্ষেপিত কৃষ্ণ গেহলাৱটে নিৰ্বাচনত জয়লাভ কৰিছে। ইয়াৰ পূৰ্বে কংগ্ৰেছত থকা তেখেতে ১৯৯৬ চনৰ পৰা ২০০০ চনলৈ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনত তেওঁ বিজেপিত যোগদান কৰিছিল।
বিজেপিৰ আন এগৰাকী মহিলা প্ৰাৰ্থী শ্ৰুতি চৌধুৰীয়ে তোছমৰ পৰা নিৰ্বাচনত জয়লাভ কৰিছে। শ্ৰুতি চৌধুৰী ইয়াৰ পূৰ্বে কংগ্ৰেছত আছিল আৰু ভীৱানীৰ লোকসভাৰ সাংসদ হৈছিল। কিন্তু এইবাৰ ২০২৪ চনৰ নিৰ্বাচনৰ ঠিক আগে আগে তেওঁ বিজেপিত যোগদান কৰে।
পাটৌডী আসনৰ পৰা বিজেপিৰ বিমলা চৌধুৰীয়ে জয়লাভ কৰিছে। ২০১৪ চনত তেওঁ পাটৌদি আসনৰ পৰাই জয়ী হৈছিল।
আম্বালা জিলাৰ নাৰায়ণগড় আসনৰ পৰা কংগ্ৰেছৰ শৈলী চৌধুৰীয়ে জয়লাভ কৰে। আম্বালা জিলাৰ অন্তৰ্গত মুলানা আসনৰ পৰা কংগ্ৰেছৰ পূজা চৌধুৰীয়ে জয়লাভ কৰিছে।
কংগ্ৰেছৰ পৰা ৰেণু বালাই একেৰাহে দ্বিতীয়বাৰৰ বাবে সাধৌৰা আসনৰ জয়লাভ কৰিছে। ইয়াৰ পূৰ্বেও এই আসনৰ পৰাই ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
কালানৌৰ সংৰক্ষিত আসনৰ পৰা চতুৰ্থবাৰৰ বাবে জয়লাভ কৰিছে কংগ্ৰেছৰ শকুন্তলা খাটাকে। ইয়াৰ পূৰ্বে তেওঁ ২০০৯, ২০১৪ আৰু ২০১৯ চনতো এই আসনখন দখল কৰিছিল।
ঝজ্জাৰ আসনৰ পৰা কংগ্ৰেছৰ গীতা ভুক্কল জয়ী হৈছে। একেৰাহে পঞ্চমবাৰৰ বাবে বিধায়ক হৈ পৰিছে। ২০০৫ চনত তেওঁ কলায়তৰ আসন লাভ কৰিছিল। ইয়াৰ পাছত ২০০৯ চনৰ পৰা ঝজ্জাৰ বিধানসভাৰ আসনৰ পৰা নিৰ্বাচনত জয়ী হৈ আহিছে।
নংগল চৌধুৰী সমষ্টিৰ পৰা জয়ী হৈছে কংগ্ৰেছৰ পৰা মঞ্জু চৌধুৰী। ২০১৪ চনত ভাৰতীয় ৰাষ্ট্ৰীয় লোকদলৰ টিকটত এই আসনত বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তেওঁ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।
হিছাৰৰ পৰা নিৰ্দলীয় হিচাপে নিৰ্বাচনত জয়ী হৈছে সাবিত্ৰী জিন্দাল। তেওঁৰ আটাইতকৈ ডাঙৰ পৰিচয় হ’ল দেশৰ আটাইতকৈ ধনী মহিলা সাবিত্ৰী জিন্দাল।২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সাবিত্ৰী জিন্দালে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। সাবিত্ৰী জিন্দালে বিজেপিৰ পৰা টিকট বিচাৰিছিল যদিও টিকেট লাভ নকৰাত সাবিত্ৰীয়ে নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হয়।
Leave A Comment