ডিজিটেল ডেস্কভাৰতৰ বৰ্তমান প্ৰজন্মই বৃটিছৰ শাসন দেখা নাই৷ কিন্তু এটাৰ পিছত আনটো অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ লগাই জনসাধাৰণক বৃটিছ শাসনৰ অভিজ্ঞতা ঠিকেই প্ৰদান কৰিছে বিজেপি চৰকাৰে৷ ৰাজ্যত এফালে মূল্য বৃদ্ধি আনফালে কৰৰ বোজাত কোঙা জনতা৷ তাৰ মাজতে সংস্থাপন সৃষ্টিৰ বিপৰীতে চৰকাৰে সৃষ্টি কৰিছে লাখ লাখ হিতাধিকাৰী৷ ক্ৰমান্বয়ে জীৱন ধাৰণৰ মানদণ্ডৰ অৱনতি ঘটিছে জনতাহ । বৰ্তমান পোহৰলৈ আহিছে ইয়াতকৈয়ো এক ভয়ংকৰ তথ্য৷
বিজেপি দলৰ বিধায়ক কিনা-বেছাৰ ৰাজনীতি বিধানসভাত উদঙালে কেজৰিৱালে৷ কেজৰিৱালৰ তথ্য অনুসৰি দেশৰ ২৭৭ জন বিধায়কক কিনিবলৈ বিজেপিয়ে ব্যয় কৰিছে প্ৰায় ৫,৫০০ কোটি টকা৷ প্ৰতিজন বিধায়কক আদায় দিয়া হৈছে ২০ কোটি টকা৷ দেশতকৈ দলীয় ৰাজনীতিক অধিক প্ৰাধান্য দি বিজেপিয়ে এনেদৰে ৰাজহুৱা ধনৰ অপব্যয় কৰাটো ভাৰতবৰ্ষৰ বাবে এক চিন্তনীয় বিষয়৷ তদুপৰি ভাৰতীয় গণতন্ত্ৰলৈয়ো প্ৰত্যাহ্বান কঢ়িয়াই আনিব এনে কাৰ্যই৷
বিধানসভাত কেজৰিৱালে মূল্যবৃদ্ধিৰ অন্যতম কাৰক -বিধায়ক কিনা -বেছা বুলিও অভিহিত কৰিছে৷ চৰকাৰে এফালে পুঁজিপতি সকলৰ ঋণ মাফ কৰিছে৷ আনফালে ঘাটি পূৰণ কৰিছে জি এছ টি আৰু মূল্যবৃদ্ধিৰ ধনেৰে৷ কেজৰিৱালৰ এই তথ্য ভাৰতৰ এক অশনি ভৱিষ্যতৰ প্ৰতিচ্ছবি দাঙি ধৰিছে৷ সময় থাকোঁতেই বিৰোধী সক্ৰিয় হ’বৰ হ’ল৷ বি জে পি দলৰ এনে স্বেচ্ছাচাৰী কাৰ্যৰ প্ৰতিৰোধ নকৰিলে অনাগত দিনত চৰম দুৰ্ভোগ ভূগিব লাগিব দেশৰ জনতাই৷
ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰ এখনত দলীয় স্বাৰ্থ পূৰাবলৈ ৰাজহুৱা ধনৰ এনেদৰে অপব্যয় কৰাটো এক দুৰ্ভাগ্যজনক কথা৷ ৰাইজৰ টকাৰ শৰাধ পাতি বিজেপিয়ে উন্নতি কৰাৰ বিপৰীতে এসাঁজ খাই আন এসাঁজলৈ চিন্তা কৰিব লগা হয় এই দেশৰ সাধাৰণ মানুহে৷ এতিয়া প্ৰশ্ন হয়, চৰকাৰখন কাৰ বাবে !
এটা কথা স্পষ্ট হৈ পৰিছে যে দেশলৈ অৰ্থনৈতিক বিপৰ্যয় কঢ়িয়াই অনাৰ উপৰিও গণতন্ত্ৰলৈয়ো বিপদ কঢ়িয়াই আনিছে বিজেপি দলে৷ ৰাজনীতিৰ নামত বিধায়ক কিনা-বেছা কাৰ্যই উদঙাই দিছে ভাৰতীয় গণতন্ত্ৰৰ প্ৰকৃত প্ৰতিচ্ছবিখন৷ এনে কাৰ্য এতিয়াই প্ৰতিৰোধ নকৰিলে কিছু দিন পিছতেই এটা ৰাজনৈতিক দলৰ বাবেই সমগ্ৰ বিশ্বই আঙুলি টোৱাব ভাৰতীয় গণতন্ত্ৰৰ ওপৰত৷
Leave A Comment