ডিজিটেল ডেস্কসীমান্ত সুৰক্ষা বাহিনীয়ে ২৮ আগষ্ট তাৰিখে অবৈধভাৱে সীমা পাৰ হোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে পাঁচজন বাংলাদেশী নাগৰিকক৷ দক্ষিণ শালমাৰাৰ মানকাছাৰৰ পৰা এই বাংলাদেশী নাগৰিক কেইজনক গ্ৰেপ্তাৰ কৰা হৈছে৷
কোনো অনুমতি নোহোৱাকৈয়ে আন্তজাৰ্তিক সীমান্ত পাৰ হৈ থকা অৱস্থাত সীমান্ত সুৰক্ষা বাহিনীয়ে এই নাগৰিক কেইজনক আটক কৰে৷ আটক কৰাৰ পিছতেই বাংলাদেশৰ সীমান্ত বাহিনীৰ হাতত গতাই দিয়া হয়৷ এনেদৰে সন্দেহজনক আচৰণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা পাঁচজন নাগৰিকক বাংলাদেশৰ হাতত গতাই দি ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে মানৱীয়তাৰ পৰিচয় দিছে৷
ইয়াৰ পূৰ্বতেও ১৮ আগষ্টত জিলাখনত একেই ঘটনা সংঘটিত হৈছিল৷ ১৮ আগষ্টত আটক কৰা বাংলাদেশী জাতীয়তাবাদী দুজনক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে পাঁচ বছৰ কাৰাদণ্ড বিহা হৈছে৷ লগতে ১০,০০০ টকাৰ জৰিমনাও বিহা হৈছে৷
উল্লেখ্য যে, ১৮ আগষ্টত আটক কৰা বাংলাদেশী নাগৰিক দুজন হৈছে আব্দুল হে আৰু নিৰঞ্জন ঘোষ৷
Leave A Comment