ডিজিটেল ডেস্কবৰ্তমান অসমত তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ইন্টাৰনেট কৰ্তন কৰিছে ৷ জনসাধাৰণেও বিশ্বাস কৰি লৈছে যে পৰীক্ষা ব্যৱস্থাটোক নিকা কৰাৰ বাবে চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টা কৰিছে ৷ কিন্তু ইয়াৰ মাজতে এক তথ্যই প্ৰমাণ কৰিছে পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি থকা আস্থা কিমান !
তথ্য অনুসৰি ৰাজ্যত আৰ্বিভাৱ হৈছে অতিৰিক্ত ২,০৮,৫৮৫ জন প্ৰাৰ্থী৷ অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত যোৱা ২০ আগষ্টলৈকে অনলাইনযোগে পঞ্জীয়নভুক্ত মুঠ নিৱনুৱাৰ সংখ্যা হৈছে ১২,২১,৭৫২ জন৷ আনহাতে, ছেবাৰ তথ্য মতে মুঠ ১৪,৩০,৩৩৭ জন প্ৰাৰ্থীয়ে পৰীক্ষাত বহিবলৈ আবেদন জনাইছিল৷ এতিয়া প্ৰশ্ন উঠিছে , নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত নোহোৱা অতিৰিক্ত ২,০৮,৫৮৫জন প্ৰাৰ্থী আহিল ক’ৰ পৰা?
উল্লেখযোগ্য যে চাকৰি সম্পৰ্কীয় পৰীক্ষাত বহিবলৈ নিয়োগ বিনিময় কেন্দ্ৰত নাম ভৰ্তি কৰাটো অত্যাৱশ্যক৷ আনকি আবেদন পত্ৰত পঞ্জীয়ন নং অন্তভুৰ্ক্ত কৰিব লাগে প্ৰতি গৰাকী প্ৰাৰ্থীয়ে৷ গুৰুত্বপূৰ্ণ কথা এইয়ে যে, নিয়োগ বিনিময় কেন্দ্ৰত অফলাইনৰ জৰিয়তে নামভৰ্তি কৰাটো বন্ধ কৰি দিছে অসম চৰকাৰে৷ গতিকে এই অতিৰিক্ত ২,০৮,৫৮৫জন প্ৰাৰ্থী কেনেকৈ পৰীক্ষাত বহিল সেইয়া এক গভীৰ প্ৰশ্ন৷
লক্ষণীয়ভাৱে, যোৱা ২১ আগষ্টত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ পৰীক্ষাত বহিঃ ৰাজ্যৰ হিন্দীভাষী প্ৰাৰ্থীও আছিল বুলি পোহৰলৈ আহিছে৷ আনহাতে, কেৱল অসমৰ প্ৰাৰ্থীৰ বাবেহে পৰীক্ষা অনুষ্ঠিত হোৱা স্বত্বেও চৰকাৰে অতি চাতুৰ্যতাৰে হিন্দী ভাষাতো প্ৰকাশ কৰিলে প্ৰশ্ন কাকত৷ উত্তৰ প্ৰদেশকে ধৰি আন বহু ৰাজ্যৰ প্ৰাৰ্থী পৰীক্ষাত বহাক লৈ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এফালে চৰকাৰে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ অজুহাতত ইন্টাৰনেট কৰ্তন কৰিছে ৷ আনফালে বহিঃৰাজ্যৰ প্ৰাৰ্থীক পৰীক্ষাত বহিবলৈ দি নিয়ম বৰ্হিভূত কাম কৰিছে৷ ইয়াৰ দ্বাৰাই স্পষ্ট হৈ পৰিছে নিযুক্তি পৰীক্ষাৰ নামত হোৱা চৰম বিসংগতি৷
Leave A Comment