ডিজিটেল ডেস্ক: ভাৰতবৰ্ষই ইতিমধ্যে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে৷ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ৷ এই আজাদী কা অমৃত মহোৎসৱক সফল কৰি তুলিবলৈ চৰকাৰৰ তৰফৰ পৰা বহু কাৰ্যসূচী হাতত লোৱা হৈছে৷ “হৰ ঘৰ ত্ৰিৰংগা” হৈছে আজাদী কা অমৃত মহোৎসৱৰে এক অন্যতম কাৰ্যসূচী৷ চৰকাৰে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ঘৰতে ভাৰতবৰ্ষৰ জাতীয় পতাকা উত্তোলন কৰি এই কাৰ্যসূচীক সফল কৰি তুলিবলৈ অনুৰোধ জনাইছে৷
ভাৰতৰ বিভিন্ন বিমান বন্দৰ, চৰকাৰী কাৰ্যালয়, মঠ-মন্দিৰ আদিতো জাতীয় পতাকা ইতিমধ্যে উত্তোলন কৰা হৈছে৷ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতত লোৱা পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে৷ মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সলনি কৰে তেওঁৰ চ’চিয়েল মিডিয়াৰ প্ৰফাইল পিকচাৰ। তেওঁৰ নতুন প্ৰফাইল পিকচাৰত ভাৰত জাতীয় পতাকাৰ ফটো সংলগ্ন কৰিছে৷ তেওঁৰ এই পদক্ষেপে এতিয়া অনুৰাগী সকলকো এই অভিযানত যোগ দিবলৈ অনুপ্ৰেৰণা যোগাইছে৷
“আগষ্ট মাহৰ দুই তাৰিখে ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি প্ৰস্তুতকৰ্তা পিঙ্গালি ভেঙ্কায়াৰ জন্মদিন। তেওঁৰ প্ৰতি সন্মান জনাই মই ভাৰতীয় জাতীয় পতাকা ত্ৰিৰংগাক দুই আগষ্টৰ পৰা ১৫ আগষ্টলৈ চ’চিয়েল মিডিয়াৰ প্ৰফাইল ফটো হিচাপে ব্যৱহাৰ কৰিছো” - চ’চিয়েল মিডিয়াৰ প্ৰফাইল ফটো হিচাপে ত্ৰিৰংগাৰ ফটো ব্যৱহাৰ কৰাৰ পিছতে এনেদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷
Leave A Comment