ডিজিটেল ডেস্ক: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা অধিবক্তাক দেওবাৰে কলিকতাত গ্ৰেপ্তাৰ কৰিলে স্থানীয় আৰক্ষীয়ে ।গ্ৰেপ্তাৰৰ পিছত তেওঁক আৰক্ষী চকীলৈ লৈ যোৱা হয়৷
সূত্ৰ অনুসৰি, অধিবক্তা ৰাজীৱ কুমাৰক এন্টি ৰাউডী বিভাগৰ বিষয়াই গ্ৰেপ্তাৰ কৰে৷ ইয়াৰোপৰি আৰক্ষীয়ে তেওঁ কোনো লোকক পঞ্চাছ লাখ টকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ আনিছে৷ কলিকতাৰ মাজমজিয়াত অৱস্থিত এটা শ্বপিং মলত অধিবক্তাজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৰাঁচিৰ আৰক্ষীৰ পৰা অধিবক্তাজনৰ সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে ৷আনহাতে অধিবক্তা ৰাজীৱ কুমাৰৰ বিপক্ষে গোচৰ ৰুজু কৰিছিল ঝাৰখণ্ড আৰক্ষীয়ে ।
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী বিৰুদ্ধে অবৈধ ধনৰ লেনদেনৰ অভিযোগ কৰিছিল এই অধিবক্তাজনে৷ আনকি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পি আই এলো ৰুজু কৰিছিল ৰাজীৱ কুমাৰে৷ আনহাতে মুখমন্ত্ৰী হেমন্ত চৰেণে কয় যে ৰাজীৱ কুমাৰে ৰুজু কৰা আবেদনখনৰ আন এজন বিজেপি নেতাই ৰুজু কৰা আবেদনৰ সৈতে সাদৃশ্য আছে। হয়তো একেজন লোকেই এই আবেদনখন ৰুজু কৰিছে বুলিও তেওঁ মন্তব্য দিয়ে৷
বৰ্তমান ৰাজীৱ কুমাৰক আৰক্ষী চকীতে ৰখা হৈছে আৰু কি গোচৰত তেওঁক আটক কৰা হৈছে সেইয়া আৰক্ষীয়ে এতিয়াও জানিবলৈ দিয়া নাই৷
Leave A Comment