ডিজিটেল ডেস্ক: স্বাধীনতা দিৱস কাষ চাপি অহাৰ সমান্তৰালভাৱে দেশত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা৷ দেশৰ সুৰক্ষাৰ স্বাৰ্থত সাজু হৈ উঠিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা।পোন্ধৰ আগষ্টত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হোৱাৰ আশংকাত আগষ্ট মাহৰ ৮ তাৰিখে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থায়ে জম্মুৰ দ’দা জিলাত কিছু অনুসন্ধানমূলক অভিযান চলায় ৷
জম্মু- কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ ফ’ৰ্চে অভিযান চলোৱা ঠাই সমূহ চাৰিওফালৰ পৰা ঘেৰি ৰাখিছে৷ আনকি অভিযান চলোৱা ঠাইসমূহত বিশেষ কিছুমান নীতিও বলবৎ কৰা হৈছে৷
জানিব পৰা মতে, আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্কিত কিছুমান ভিডিঅ’ আৰু সন্দেহজনক তথ্য জব্দ কৰিছে৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থায়ে সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিশীল নাগৰিকৰ বিত্তীয় লেনদেনৰ প্ৰতি চকু ৰাখিছে৷ লগতে নিষিদ্ধ ঘোষিত সংগঠন সমূহৰ সৈতে ধনৰ লেনদেন কৰা সকলৰ ম’বাইল ফোনও নজৰত ৰখা হৈছে৷
উল্লেখযোগ্য যে জম্মুত শান্তি-শৃংখলা বিঘ্নিত কৰাৰ স্বাৰ্থত সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক ৰখা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে৷ এনে লোকৰ বৰ্ধিত সংখ্যাৰ বাবেই অনুসন্ধান অভিযান চলাবলৈ বাধ্য হৈ পৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা৷ জম্মুৰ দ’দা জিলাত এবছৰ পূৰ্বেও আজিৰ দিনটোতে অনুসন্ধান অভিযান চলোৱা হৈছিল৷
তদুপৰি অভিযানৰ সময়তেই পুঞ্চ জিলাত এটা গ্ৰেনেডো পোৱা গৈছে৷ তদুপৰি SIA য়ে
জম্মু কাশ্মীৰৰ মুঠ সাতটা স্থানত অনুসন্ধান চলাইছে বুলি জনা গৈছে৷ এই ঠাই সমূহ হৈছে উত্তৰ কাশ্মীৰৰ বাৰমুল্লা, পুঞ্চ আৰু কুপৱাৰা৷ আনহাতে, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ শংকাত অমৰনাথ যাত্ৰাৰ বাবে যাত্ৰী আগমন হ্ৰাস পোৱাত জম্মুত স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা৷
Leave A Comment