ডিজিটেল ডেস্ক: ২০২৪ চনৰ লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে অগপই ৰাজ্যত সাংগঠনিক কাৰ্যকলাপ সাজু কৰি তুলিছে। বৰপেটাত আঞ্চলিক দলটোৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে ২৫হাজাৰ দলীয় কৰ্মীয়ে। জানিব পৰা মতে আজিৰ পৰা আৰম্ভ হ’ব দলটোৰ প্ৰাক-নিৰ্বাচনৰ অনুশীলন। ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই সকলো দলৰ সদস্যৰ লগতে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে বৰাই ৰাষ্ট্ৰীয় শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আঞ্চলিক দলটোক শক্তিশালীভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত ত্যাগ গ্ৰহণ কৰা দলীয় বিষয়ববীয়া আৰু সদস্যসকলক স্মৰণ কৰে।
অসম গণ পৰিষদ এক উত্তাল জন জাগৰণৰ ভেটিত উঠি এক আৱেগ আৰু উত্তেজনাৰ পৰিৱেশৰ মাজত গঢ়ি উঠা এটা আঞ্চলিক দল৷ উল্লেখযোগ্য নেতৃত্ব লোৱা সৰহভাগেই আছিল ছাত্র ৰাজনীতি বা নেতৃত্বৰ পৰা আহি দলীয় ৰাজনীতিত ভৰি দিয়া লোক৷ স্বাভাৱিকভাৱে চিন্তা-আদর্শ বা দর্শন দলটোৰ ক্ষেত্রত আছিল দুর্বল সেয়ে ৰাজনীতিৰ ক্ষেত্রত পৰৱর্তী সময়সূহত অগপ প্ৰায় ব্যর্থ হৈছিল৷ দুর্বল ভূমিকা আদিৰ বাবে অগপ ৰাইজৰ ৰোষৰ বলি হ’বলগীয়া হয়৷অসম চুক্তি আৰু এই চুক্তিৰ ওপৰত ভেজা দিয়েই তেওঁলোক দুবাৰকৈ ক্ষমতালৈ অহাৰ পাছতো তেওঁলোক কার্যতঃ ব্যর্থ হ’ল৷ আৰু অসহায়ভাৱে আৰু অসমৰ সর্বসাধাৰণ ৰাইজৰো বহু পৰিমাণে আস্থা-বিশ্বাস হেৰুৱাবলগীয়া হ’ল৷ ইয়াৰ মূল কাৰণ আছিল অপৰিপক্ব ৰাজনীতি, আদর্শগত ৰণ-কৌশলৰ অভাৱ ।
অগপ গঠন আৰু আভ্যন্তৰীণ বিভাজন : ১৯৮৫ চনৰ ১৫ আগষ্টত আছু আৰু চৰকাৰৰ মাজত অসম চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ পাছতে ১৯৮৫ চনৰ ১৩–১৪ অক্টোবৰত গোলাঘাটত আয়োজন কৰা গোলাঘাট জাতীয় অধিৱেশনত অসম গণ পৰিষদ (অগপ) নামৰে এটাআঞ্চলিক ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু অৱশেষত ১৯৮৫ চনৰ ১৪ অক্টোবৰত গোলাঘাটত অসম গণ পৰিষদ আৰম্ভ কৰা হয়।
সেই সময়তে নতুন ৰাজনৈতিক দলটোৱে আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ পৰবৰ্তী সময়ত ১৯৮৫ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা ৰাজ্যিক বিধানসভা নিৰ্বাচনত অগপই প্ৰতিদ্বন্দ্বিতা কৰি ১৪ খন লোকসভা (সংসদ) আসনৰ ভিতৰত ৭খন আসন দখল কৰাৰ উপৰিও ১২৬খন আসনৰ ভিতৰত ৬৭খন আসন লাভ কৰি অসম চৰকাৰ গঠন কৰে। ১৯৯৬ চনত নিৰ্বাচনত জয়ী হৈ পুনৰ অসমত চৰকাৰ গঠন কৰে দলটোৱে।
দলীয় নেতা প্ৰফুল্ল কুমাৰ মহন্তই দুটা কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, প্ৰথমে ১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈ আৰু তাৰ পিছত পুনৰ ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ। ২০০০ চনত অসমৰ প্ৰাক্তন পি ডব্লিউ ডি মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ জ্যেষ্ঠ নেতা অতুল বৰা পুলাকেশ বৰুৱাৰ সৈতে আঁতৰি আহি তৃণমূল গণ পৰিষদ গঠন কৰে।
প্ৰফুল্ল কুমাৰ মহন্তৰ অধীনত দ্বিতীয় অগপ চৰকাৰৰ শাসনৰ অন্ত পৰি যেতিয়া কংগ্ৰেছে পুনৰ ক্ষমতা লাভ কৰে তেতিয়াই মহন্তৰ কাৰ্যকালত হোৱা দুৰ্নীতি, গোপন হত্যাকাণ্ডত চৰকাৰৰ জড়িত মহন্তৰ সামগ্ৰিকভাৱে নিষ্ক্ৰিয় নেতৃত্বৰ সৈতে জড়িত বহুতো অভিযোগ উত্থাপন হৈছিল। এইবোৰৰ ফলত তেওঁ দলৰ সভাপতি পদৰ পৰা পদচ্যুত হয়। ইয়াৰ পাছত মহন্তই নিজাকৈ এটা দল গঠন কৰে অসম গণ পৰিষদ ।
সকলো বিচ্ছিন্ন ভগ্নাংশৰ মাজত থকা মতানৈক্যৰ মিলন ঘটাই অৱশেষত ২০০৮ চনৰ ১৪ অক্টোবৰত ঐতিহাসিক চহৰ গোলাঘাটত সকলো বিচ্ছিন্ন গোটৰ মিলন ঘটে। ২০১৬ চনৰ মে’ মাহত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসম গণ পৰিষদ আৰু বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ দৰে দলসমূহক সামৰি লোৱা নেচনেল ডেম’ক্ৰেটিক এলায়েন্সে অসমত প্ৰথমখন চৰকাৰ গঠন কৰে।
আৰু ২০১৬ চনৰ নৱেম্বৰ মাহত অতুল বৰাই দ্বিতীয়বাৰৰ বাবে দলৰ সংবিধান সংশোধন কৰি অসম গণ পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। তেওঁ সৰ্বানন্দ সোণোৱাল মন্ত্ৰালয়ৰ কৃষি, উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ, পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
Leave A Comment