ডিজিটেল ডেস্ক:ভাৰতীয় শিক্ষাৰ্থীয়ে শিক্ষা লাভৰ সময়ত বিভিন্ন সমস্যাৰ সৈতে মোকাবিলা কৰিব লগীয়া হয়৷ বিশেষকৈ ১৮ অনুৰ্ধৰ শিক্ষাৰ্থী সকল অধিক সমস্যাৰ সন্মুখীন হয় ।কন্যা শিক্ষাৰ্থীৰ ক্ষেত্ৰত সমস্যাসমূহ তুলনামূলকভাৱে বেছি৷ শিক্ষানুষ্ঠানৰ ভিতৰৰ সমস্যাখিনিৰ উপৰিও শিক্ষাৰ্থী সকলে যাতায়তৰ সময়তো নানা দুৰ্ভোগ ভূগে। শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে বহু শিক্ষানুষ্ঠানে যাতায়তৰ ব্যৱস্থা কৰে৷ কিন্তু এই যাতায়তৰ বাহন সমূহৰ ভিতৰতো বহু কেইটা নিৰ্যাতনৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে৷ লগতে শিক্ষাৰ্থীক অনা-নিয়া কৰা বহু বাহনৰ চালকে মাদক দ্ৰবও সেৱন কৰে৷ এনেবোৰ পৰিস্থিতিৰ পৰিপেক্ষিতত শিক্ষাৰ্থীৰ সুৰক্ষাৰ্থে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহামান্য উচ্চতম ন্যায়ালয়ে৷ ন্যায়লয়ৰ এই নিৰ্দেশনাৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় শিশুৰ অধিকাৰ সুৰক্ষা আয়োগে এক নিৰ্দেশনা জাৰি কৰে৷ এই নিৰ্দেশনা জাৰিৰ পিছতই তৎপৰ হৈ উঠিছে ৰাজ্যৰ পৰিবহণ বিভাগ৷
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি , প্ৰতিখন স্কুলবাছ হালধীয়া ৰঙৰ হ’ব লাগিব। লগতে প্ৰতিখন বাছতে থাকিব লাগিব জি পি এছ৷ এই জি পি এছৰ দ্বাৰা বাছৰ গতিবিধি নজৰত ৰাখিব স্কুল কৰ্তৃপক্ষই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা হ’ল যে- বাছসমূহত চি চি টিভি কেমেৰা থকাটো বাধ্যতামূলক। “অন ডিউটি” বুলি লিখা থাকিব লাগিব প্ৰতিখন স্কুলবাছত৷ স্কুল বাছসমূহত থাকিব লাগিব নিজ নিজ স্কুলৰ ফোন নম্বৰ আৰু নাম৷ প্ৰতিজন বাছ চালকৰ পাঁচ বছৰ বাছ চলোৱাৰ অভিজ্ঞতা থকাটো বাঞ্চনীয়৷ লগতে বাছসমূহত ফাৰ্ষ্ট এইড বক্স আৰু ফায়াৰ এষ্টিংগুইজাৰ থাকিব লাগিব৷ এই নিয়ম সূহ পালন নকৰিলে বাছৰ মালিক বা কৰ্তৃপক্ষক দহ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব। তাৰোপৰি নিয়ম নামানিলে বিদ্যালয়ৰো স্বীকৃতি বাতিল কৰা হ’ব৷
এই নতুন নীতিসমূহৰ সংযোজনে বাছ চালক সকলক নিয়ন্ত্ৰণ কৰাৰ লগতে শিক্ষাৰ্থী সকলৰ সুৰক্ষা নিশ্চিত কৰিব। কিন্তু এই নীতি সমূহ বাস্তৱক্ষেত্ৰত কিমানদূৰ ৰূপায়িত হয় সেইয়াও লক্ষণীয় হ’ব৷ নীতি অনুসৰি স্কুলবাছ সমূহ অতি সোনকালেই নতুন ৰূপত গঢ়ি তোলা উচিত৷ লগতে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত পৌৰ নিগম সমূহে৷ কাৰণ মহানগৰীত স্কুলবাছত অহা-যোৱা কৰা শিশুসকলে অধিক সমস্যাৰ সন্মুখীন হ’ব লাগে৷ ট্ৰেফিকজামৰ পৰা পথৰ দুৰৱস্থাৰো সন্মুখীন হয় শিক্ষাৰ্থী সকল৷ গতিকে এনে ক্ষেত্ৰতো দীৰ্ঘম্যাদী সমাধানৰ বাবে ব্যৱস্থা হাতত লোৱা উচিত৷
উল্লেখযোগ্য যে,স্কুলবাছৰ উপৰিও চিটিবাছ সমূহেও কোনো নিয়ম নামানে গুৱাহাটী মহানগৰীত৷ বহুক্ষেত্ৰত এই বিষটো আলোচিত হৈছে যদিও গুৱাহাটীবাসীয়ে কোনোদিন সুফল পোৱা নাই৷ গতিকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল’লে দুচিন্তা কমিব যাত্ৰী সকলৰ৷
Leave A Comment