• নিৰ্বাচন আয়োগে দাখিল কৰিব লাগিব অপৰাধী নেতাৰ তালিকা

    ৰাজনৈতিক
    নিৰ্বাচন আয়োগে দাখিল কৰিব লাগিব অপৰাধী নেতাৰ তালিকা
    ডিজিটেল ডেস্কঃ অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাত থকা নিষেধাজ্ঞাৰ ম্যাদ হ্রাস কৰা বা প্ৰত্যাহাৰ কৰা নেতাৰ তালিকা নির্বাচন আয়োগৰ পৰা বিচাৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে কালি অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱা নেতাৰ বিৰুদ্ধে আজীৱন নিষেধাজ্ঞা আৰোপৰ অনুৰোধ জনোৱা এখন আৱেদনৰ শুনানি লোৱাৰ সময়ত আয়োগলৈ জাননী জাৰি কৰি এই তথ্য বিচাৰে।

     আয়োগক দুসপ্তাহৰ ভিতৰত এই তথ্য দাখিল কৰিবলৈ কোৱা হৈছে। ইফালে নির্বাচন আয়োগে সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ নিৰ্বাচনৰ সৈতে জড়িত হৈ থকা বিষয়াসকলক ৰাজনৈতিক দলসমূহৰ সৈতে নিয়মীয়া বৈঠকত মিলিত হোৱাৰ নির্দেশ দিয়ে। 

    ইয়াৰ লগতে ৰাজনৈতিক দলসমূহে উত্থাপন কৰা বিষয়সুহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰিবলৈও কোৱা হৈছে। ইয়াত অনুষ্ঠিত মুখ্য নির্বাচন বিষয়াৰ দুদিনীয়া সন্মিলনত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এই নির্দেশ দিয়ে। আনহাতে, মিছা বা ভুৱা অভিযোগক অকণো গুৰুত্ব নিদিয়াৰ বাবে বুথ পৰ্যায়ৰ পৰা আন নির্বাচন বিষয়াসকলক প্রশিক্ষণ দিবলৈও ৰাজ্যসমূহৰ মুখ্য নির্বাচন বিষয়াসকলক নির্দেশ দিয়া হয়।


    উৎসঃ দৈনিক জনমভূমি

     
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino onlineslot qrissbobet88sv388baccarat onlineslot maxwin