ডিজিটেল ডেস্কঃ ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনলৈ প্ৰায় এবছৰ বাকী আছে। লোকসভা নির্বাচনৰ পূর্বে ৫খন ৰাজ্যত বিধানসভা নির্বাচনো হব৷ বিজেপি, কংগ্ৰেছকে ধৰি আটাইকেইটা ৰাজনৈতিক দলে বৰ্তমান ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে নিজৰ কৌশল ৰচনা কৰিছে।
ইতিমধ্যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে বিজেপিয়ে কৃতিত্ব গণনা কৰি অধিক সংখ্যক লোকক সংযোগ কৰিবলৈ এমাহজোৰা অভিযান চলাই আছে। বিজেপিৰ প্ৰচাৰৰ অংশ হিচাপে বহু জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে ৰাজহুৱা সভা আৰু কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰা দেখা গৈছে৷
ইফালে বিৰোধী দলসমূহে মিত্ৰজোঁটৰ জৰিয়তে বিজেপি বিৰোধী ঢৌ অনাৰ প্ৰচেষ্টা চলোৱা দেখা গৈছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২৩ জুনত পাটনাত বিৰোধী দলৰ নেতাৰ বৈঠক আহ্বান কৰিছে। শেহতীয়াকৈ নীতিশে আশংকা প্ৰকাশ কৰিছিল যে চলিত বৰ্ষৰ শেষত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে।
এই গৰম ৰাজনৈতিক পৰিৱেশৰ মাজতে চি-ভোটাৰে এবিপি নিউজৰ বাবে সাপ্তাহিকভাৱে এক সমীক্ষা চলাইছে। নিৰ্ধাৰিত সময়ৰ আগতেই ২০২৪ চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰেনে, সমীক্ষাত ৰাইজক এই প্ৰশ্ন সোধা হৈছিল। মানুহে এই ক্ষেত্ৰত চাঞ্চল্যকৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিলে। বৃহৎ সংখ্যক লোকৰ মতে পৰৱৰ্তী লোকসভা নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ আগতেই হ’ব পাৰে।
সৰ্বভাৰতীয় জৰীপৰ প্ৰশ্ন আছিলঃ লোকসভা নিৰ্বাচন সময়ৰ আগতেই হ’ব পাৰে বুলিও আপুনি ভাবেনে?
হয় - ৩৩%
নহয় - ৫৫%
নাজানে - ১২%
এই সমীক্ষাত ৩৩ শতাংশ লোকৰ মতে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ পূৰ্বে অনুষ্ঠিত হ’ব পাৰে। সৰ্বাধিক ৫৫ শতাংশ লোকে ‘নহয়’ বুলি উত্তৰ দিছিল। একে সময়তে ১২ শতাংশ লোকে এই বিষয়ে ‘নাজানো’ বুলি উল্লেখ কৰিছে৷
Leave A Comment