✒️ ড° অপূৰ্ব কুমাৰ বৰুৱা
আজি কিছুদিন ধৰি সামাজিক মাধ্যমত অসমৰ দুজন লেখত ল’বলগীয়া নেতা অখিল আৰু লুৰীণৰ জনপ্ৰিয়তা আৰু সংসদীয় নিৰ্বাচনত তেওঁলোকৰ সম্ভাৱ্য ভূমিকা সম্পৰ্কে আলোচনা হৈ আছে। এইটো হয় যে দুয়োজনৰে ব্যক্তিগত গণভিত্তি শক্তিশালী। কিন্তু দল হিচাপে তেওঁলোকৰ দল দুটা সংসদীয় সমষ্টি জিকিব পৰাকৈ শক্তিশালী হয়নে নহয়? এই কথাটো ভাবি চোৱাৰ প্ৰয়োজন আছে। তেওঁলোকক ‘২৪ত গুৰুত্ব নিদিলে পিছলৈ অসমত কংগ্ৰেছৰ অসুবিধা হ’ব বুলি এটা মহলে প্ৰচাৰ চলাইছে। পাছে ইয়াতে এটা ডাঙৰ প্ৰশ্ন আছে।
প্ৰশ্নটো হ’ল: ২০২৪ত কেন্দ্ৰত বিজেপি চৰকাৰ হ’লে সাম্প্ৰদায়িক ফেচীবাদী শক্তিয়ে ২০২৫ৰ পৰা অখিল-লুৰীণক UAPA বা Money launderingৰ ভুৱা গোচৰত জেলত থ’লে অসমত আঞ্চলিকতাবাদী দল বা কংগ্ৰেছে ২০২৬ত নিৰ্বাচন খেলিব পাৰিবনে? হিন্দুৰাষ্ট্ৰত উত্তৰ-পশ্চিম ভাৰতীয় হিন্দীমূলৰ ভাষা আৰু সনাতনী হিন্দুত্বভিত্তিক ৰাজনীতিয়ে সকলো আঞ্চলিক অস্তিত্বৰ কণকঠীয়া মাৰিব। গতিকে অখিল আৰু লুৰীণে যদি ’২৬ত বিধানসভা নিৰ্বাচন খেলি অসমীয়া জাতীয়তাবাদৰ পতাকা উৰুৱাই ৰাখিব খোজে, তেন্তে বিজেপিবিৰোধী ভোট বিভাজন ৰোধ কৰিবৰ বাবে তেওঁলোকে মৰণপণ কৰিব লাগিব।
২০২৪ সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচনী প্ৰচাৰেৰে নিজৰ দলৰ শক্তি বৃদ্ধি কৰাৰ নীতি ল’লে তেওঁলোকে ৰাজনৈতিক আত্মহত্যা কৰা হ’ব। দেশত একযুক্ত মৰ্চাৰ চৰকাৰ হ’লেহে ফেচিষ্ট সাম্প্ৰাদায়িকতাবাদক বাধা দি নিজ নিজ দলৰ আঞ্চলিক ৰাজনীতি কৰিব পৰা পৰিৱেশ সৃষ্টি হ’ব।
আশা কৰোঁ অসমীয়া জাতীয়তাবাদৰ শেষ আশা অখিল আৰু লুৰীণে নিজৰ দলৰ ভৱিষ্যতৰ স্বাৰ্থতে এইবাৰ যিকোনো মূল্যৰ বিনিময়ত বিৰোধী ঐক্য ৰক্ষা কৰিব।
যোগেন্দ্ৰ যাদৱে সৌ সিদিনা কৈছে যে এইবাৰ ‘ইণ্ডিয়া’ মিত্ৰজোঁটক জিকাবলৈ মই আনকি মোৰ শত্ৰুৰ ভৰিত ধৰিবলৈও প্ৰস্তুত আছোঁ। আশাকৰোঁ অখিল-লুৰীণে কথাষাৰ বুজিব।
আমি মন কৰিছোঁ যে আজি ভূপেন বৰাই কংগ্ৰেছে গোটেই ১৪টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৰা ঘোষণাই আঞ্চলিক দলসমূহক কংগ্ৰেছৰ নিৰ্বাচনী কৌশল সম্পৰ্কে সন্দীহান কৰি তুলিছে। নিৰ্বাচনী ৰাজনীতিৰ কৌশললৈ সন্দীহান কৰি তুলিছে। এই দলসমূহৰ নেতৃবৃন্দই নিশ্চয় জানে যে নিৰ্বাচনী ৰাজনীতি কোৱা কথাৰে নহয় দৰ-দামেৰেহে হয়।
ভূপেনে কি কৈছে? অখিলে কি কৈছে? লুৰীণে কি কৈছে অসমৰ বাবে আজি ডাঙৰ কথা নহয়। অসমীয়া জাতিটো কেনেকৈ বাচিব সেইটোহে ডাঙৰ কথা। যাৰ বাবেই হওক এইবাৰ যদি বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰে তেন্তে আমি (অখিল, লুৰীণকে ধৰি) সকলোৱে এশ্ৰেণী বণিয়াৰ শৰণ ল’বলৈ সাজু হ’ব লাগিব। কাৰণ আদানি, শ্বাহ, আম্বানীহঁতে ইতিমধ্যেই শ শ বিঘা মাটি পানীৰ দামত কিনি আমাৰ পেটত গোৰ সোধাইছেই। প্ৰায়বোৰ ‘কণ্ট্ৰেক্ট’ এতিয়া বহিৰাগতৰ হাতত।
বণিয়াহঁতৰ পোষ্যপুত্ৰহঁতে অসমীয়া বিজেপি নেতাৰ ৰূপত থকা নিজৰ দালালৰ সহায়ত এল পি স্কুলৰ মাষ্টৰৰ চাকৰিৰ পৰা ৰে’লৰ কেৰাণীলৈ সকলো চাকৰি অসমীয়া যুৱক-যুৱতীৰ মুখৰ পৰা কাঢ়ি নিছে। এওঁলোকৰ কৃপাত জাতি দুৰ্বল। এয়া বক্তিগত বা দলীয় স্বাৰ্থ ৰক্ষাৰ সময় নহয়। অসমীয়া জাতীয়তাবাদৰ স্বাৰ্থত ’২৪ত ‘ইণ্ডিয়া’ মিত্ৰজোটক জিকাই ’২৬ত যুঁজিবলৈ সাজু হ’ব লাগিব আঞ্চলিক নেতৃত্ব। নহ’লে বিপদ।
আৰু এটা কথা। ভূপেনহঁতে কথা ক’বই লাগিব। হাইকমাণ্ডেহে সিদ্ধান্ত ল‘ব। কেৱল কংগ্ৰেছ নহয় সকলো ৰাষ্ট্ৰীয় দলৰ ক্ষেত্ৰতে শেষ সিদ্ধান্ত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকেহে লয়। কেন্দ্ৰত যদি ‘ইণ্ডিয়া’ মিত্ৰজোটত ঐক্য আৰু বুজা-বুজি অক্ষত থাকে, তেন্তে সকলো ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক নেতৃত্বই ইচ্ছা কৰিলেই মিত্ৰতা ভংগ কৰিব নোৱাৰিব। এই কথাষাৰ অসমৰ আঞ্চলিক নেতৃত্বই নুবুজে বুলি মনে নধৰে। অখিল, লুৰীণহঁতে এক বুজাবুজিত উপনীত হৈ তাৰ পাছতহে ‘ইণ্ডিয়া’ মিত্ৰজোটৰ লগত কথা পাতিব লাগিব।
ৰাজনৈতিক বাস্তৱ ভালদৰে বিশ্লেষণ নকৰি কেৱল উচ্ছাস আৰু উচ্চাকাংক্ষাৰে পৰিচালিত হ‘লে এই দলসমূহে নিজৰ আৰু অসমৰো স্বাৰ্থ ৰক্ষাত বিফল হ’ব। কাৰণ সৰু সৰু জনগোষ্ঠীসমূহে গণতান্ত্ৰিক আন্দোলনৰ যোগেদিহে নিজৰ দাবী-দাওৱা আদায় কৰিব পাৰে। এই কাম সাধাৰণতেই আঞ্চলিক দলসমূহৰ নেতৃত্বতে সম্পন্ন হয়। কিন্তু বিজেপি আকৌ ক্ষমতালৈ আহিলে গণতান্ত্ৰিক ৰাজনীতি গোটেই দেশৰ পৰা পুলিয়ে পোখাই উঘালিব। আনকি বিজেপিৰ লগত মিত্ৰতা কৰি কি হ’ব তাক অগপৰ অৱস্থা চায়ে বুজিব লাগে। অৱস্থা চাই কৌশল ঠিক নকৰিলে আমাৰ বিপদ।
আমি কিছুৱে (যি আগতে Lokniti আৰু CSDS ৰ লগত Exit poll আৰু Post poll analysis সফলভাৱে কৰাৰ আৰু নিৰ্বাচনী ফলাফল সঠিকভাৱে পূৰ্বানুমান কৰাৰ অভিজ্ঞতা আছে, তেনে লোক ) সমষ্টিবোৰ Analyze কৰিবলৈ ২৮ তাৰিখে বহিম। তাৰ পাছত গণতান্ত্ৰিক ৰাজনৈতিক দলসমূহৰ ওচৰলৈ যাম। আশা কৰিছোঁ অহমিকা আৰু স্বাৰ্থপৰতাৰ ওপৰত উঠি ’২৪ৰ নিৰ্বাচনত গণতন্ত্ৰ আৰু গণৰাজ্যৰ সপেক্ষে কৌশল গঢ়াত আঞ্চলিক ৰাজনীতি আৰু গণতান্ত্ৰিক ৰাজনীতিত বিশ্বাস কৰা সকলক সঠিক পথ লোৱাত আমি সহায় কৰিব পাৰিম।
ৰাজনীতিত Self-fulfilling prophecy এটা কৌশল। সকলো দলেই আমি চব জিকিম বুলি কোৱাটোৱেই নিয়ম। সেয়েহে ৰাজহুৱা বক্তব্য (public posturing)লৈ মূৰ ঘমোৱাতকৈ আঞ্চলিক দলসমূহে নিভৃতে ‘ইণ্ডিয়া’ৰ লগত কথা পাতিব লাগে আৰু বিৰোধী ভোটৰ বিভাজন নোহোৱাৰ পৰিৱেশ গঢ়িব লাগে।
Leave A Comment