• বিসম্বাদে কংগ্ৰেছক দিলে মহা আঘাত! সতীৰ্থৰ ষড়যন্ত্ৰত অতীষ্ঠ হৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানৰ প্ৰস্তুতি

    ৰাজনৈতিক
    বিসম্বাদে কংগ্ৰেছক দিলে মহা আঘাত! সতীৰ্থৰ ষড়যন্ত্ৰত অতীষ্ঠ হৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানৰ প্ৰস্তুতি
    ডিজিটেল ডেস্ক: নিৰ্বাচনৰ পূৰ্বে আভ্যন্তৰীণ সংঘাতে বিধ্বস্ত কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীক৷ বিজেপিক প্ৰতিহত কৰাৰ সামূহিক যুঁজ এখনৰ বিপৰীতে একাংশ কংগ্ৰেছ নেতাৰ আত্মপ্ৰতিষ্ঠাৰ যুঁজে অসমৰ ৰাজনীতিৰ পৰা বহুযোজন নিলগলৈ ঠেলি দিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিক৷ 

    কংগ্ৰেছৰ ভিতৰত থাকিয়েই দলটোৰ বিধায়কে মুকলিকৈ সমৰ্থন ব্যক্ত কৰিছে বিজেপি চৰকাৰৰ কামকাজ তথা মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি৷ তাৰপাছতো তেনে বিধায়কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণত ব্যৰ্থ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব৷ ভূপেন বৰাৰ নেতৃত্বত ইতিমধ্যে ভাঙি থানবান হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক পৰিকাঠামো৷ সভাপতি ভূপেন বৰা বিফল দলীয় সংঘাত নিৰাময়ত৷ 

    দলীয় টিকটক লৈ বাদ-বিসম্বাদত জুৰুলা হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ৷ মূলতঃ নগাঁও সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ জটিলতা বৃদ্ধি পাইছে কংগ্ৰেছৰ ভিতৰচ’ৰাত৷ নগাঁৱৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে পুনৰ এবাৰ প্ৰাৰ্থিত্ব বিচাৰিছিল নগাঁৱৰ পৰা৷ কিন্তু, প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত বাধা হৈ থিয় দিছিল কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ৷ সংখ্যালঘুৰ ভোটবেংকৰ সমীকৰণেৰে জয়লাভৰ সহজ পথ বাছি লোৱা গৌৰৱ গগৈয়ে আউল লগালে প্ৰদ্যুৎ বৰদলৈৰ সমীকৰণত৷

    নগাঁও সমষ্টিক লৈ গৌৰৱ গগৈ আঁকোৰগোঁজ হৈ পৰাত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৈছিল- মইতো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাই৷ দলে নিশ্চয় বিবেচনা কৰিব৷ কিন্তু, মই যিহেতু নগাঁৱৰ সাংসদ, মই নগাঁৱতে প্ৰাৰ্থিত্ব বিচৰাটো স্বাভাৱিক৷ 

    তাৰ পূৰ্বেও সাংসদ বৰদলৈক বৰপেটাৰ প্ৰাৰ্থিত্ব দিব বুলি খবৰ ওলোৱাত সেই সম্ভাৱনীয়তাৰ পোনছাটেই নাকচ কৰিছিল সাংসদগৰাকীয়ে৷ বৰদলৈয়ে নিজকে ফুটবল নহয় বুলি কৈ তেওঁৰ অসন্তুষ্টি ব্যক্ত কৰিছিল৷ 

    আৰু শেহতীয়াকৈ ৰকিবুল হুছেইনে ধুবুৰী এৰি নগাঁৱৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ পাছতেই সলনি হৈ পৰিল পৰিবেশ৷ ধুবুৰীৰ পৰিৱৰ্তে নগাঁৱতে প্ৰাৰ্থিত্ব বিচৰা বুলি ৰকিবুল হুছেইনে আৰু অধিক জটিল কৰি তুলিলে দলীয় সংঘাত৷

    নগাঁৱৰ স্থানীয় প্ৰাৰ্থী বুলি দাবী কৰি ৰকিবুলেও অৱশেষত আউল লগালে প্ৰদ্যুতৰ অংকত৷ আৰু সেয়ে দলীয় ষড়যন্ত্ৰত অতীষ্ঠ হৈ এতিয়া দলত্যাগৰ প্ৰস্তুতি চলাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে৷ বিশ্বস্ত সূত্ৰৰ খবৰ অনুসৰি, অহা সপ্তাহতে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব পাৰে প্ৰদ্যুৎ বৰদলৈয়ে৷ আৰু সেয়াই হ’বলৈ হ’লে নগাঁৱৰ আসনক লৈ কংগ্ৰেছত হোৱা মনোমালনিন্য হ’ব হ’ব দলটোৰ বাবে ছুইচাইড গ’ল৷