comScore
  • দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন; ফলাফলে বহন কৰিছে ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত

    ৰাজনৈতিক
    দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন; ফলাফলে বহন কৰিছে ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত
    ডিজিটেল ডেস্ক: ৰাজ্যখনৰ আঠখন জিলাৰ ২২টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষিত হৈছে৷ অসমৰ ভূমিপুত্ৰ দেউৰী সমাজৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ বাবে গঠিত স্বায়ত্তশাসিত পৰিষদখনৰ নিৰ্বাচনটোৰ প্ৰতি অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিল৷ আজি ঘোষিত ফলাফলত ২২খন আসনৰ ভিতৰত বিজেপি মিত্ৰজোঁটে লাভ কৰে ১২খন আসন।

    আনহাতে, বিৰোধী দল কংগ্ৰেছে দখল কৰে দুখন আসন। ইয়াৰ বিপৰীতে স্বায়ত্তশাসিত পৰিষদৰ স্থানীয় দল জেপিপিয়ে লাভ কৰিলে ৭খন আসন। ৭খন আসন লাভ কৰি পৰিষদখনত দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হ’ল স্থানীয় দল জেপিপি৷ আনহাতে, এখন আসনত বিজয় সাব্যস্ত কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে। আজিৰ ফলাফলে স্বাভাৱিকতে ৰাজ্যৰ ৰাজনীতিত কেইবাটাও ইংগিত বহন কৰিছে৷

    ক্ৰমাৎ খিলঞ্জীয়া ভূমিপুত্ৰ নাগৰিকৰ মাজত গ্ৰহণযোগ্যতা হেৰুৱাইছে নেকি বিজেপি দল আৰু চৰকাৰে? কিয়নো, ইয়াৰ পূৰ্বেও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনতো আশানুৰূপ ফল প্ৰদৰ্শন কৰিব পৰা নাছিল বিজেপি মিত্ৰজোঁটে৷ আজি ঘোষিত ফলাফলতো বিজেপি মিত্ৰজোঁটে ২২খন আসনৰ মাত্ৰ ১২খন আসন লাভ কৰিবলৈ সক্ষম হয়৷ অথচ কালিপৰ্যন্ত বিজেপিৰ মন্ত্ৰী তথা নেতাই ২২খন আসনেই বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলি দাবী কৰি আহিছিল৷ স্বয়ং মন্ত্ৰী পীযূষ হাজৰিকাই কালি ২২খন আসনেই লাভ কৰাৰ সম্ভাৱনা থকা বুলি ব্যক্ত কৰিছিল৷

    তেওঁ লগতে ২২খন আসনৰ এখন বা দুখন আসনহে হেৰুৱাব পাৰে বুলি মন্তব্য কৰিছিল৷ লগতে, কংগ্ৰেছক গণবিচ্ছিন্ন হোৱা বুুলি উল্লেখ কৰি অসমীয়া মানুহ কংগ্ৰেছৰ পৰা আঁতৰি যোৱা বুলি মন্তব্য কৰিছিল৷ একেদৰে, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কংগ্ৰেছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত এখনো আসন লাভ নকৰে বুলি ডাঠি মন্তব্য কৰিছিল৷ কিন্তু, বিজেপিৰ নেতা-মন্ত্ৰীৰ সকলো মন্তব্যক নস্যাৎ কৰিলে আজিৰ ফলাফলে৷

    ফলাফলত বাৰখন আসনতে সীমিত হৈ থাকিল বিজেপি৷ দহখন আসনতে বিজেপিক প্ৰত্যাখ্যান কৰিলে ভূমিপুত্ৰ নাগৰিকে৷ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা অধিষ্ঠানবিৰোধী ঢৌ আৰু জনজীৱনৰে জড়িত মৌলিক বিষয়সমূহত বিজেপিয়ে লৈ অহা জনস্বাৰ্থবিৰোধী সিদ্ধান্তক যেন সমুলঞ্চে প্ৰত্যুত্তৰ দিলে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰে৷ 

    আৰু আজিৰ ফলাফলৰ পাছতেই তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ আজিৰ ফলাফলক বিজেপিৰ পতনৰ আৰম্ভণি বুলি অভিহিত কৰিছে বিৰোধী দল অসম জাতীয় পৰিষদে৷ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৭খন আসনত বিজয় সাব্যস্ত কৰি দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰা জেপিপি দলক অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে৷

    দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিযোগে দেউৰী পৰিষদৰ নিৰ্বাচনত বিজয়ী আটাইকেইগৰাকী নৱনিৰ্বাচিত পাৰিষদক অভিনন্দন জনাই কয় যে শাসনাধিষ্ঠিত দল বিজেপিয়ে নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰি ভীষণ প্ৰত্যাহ্বান সৃষ্টি কৰাৰ পিছতো জে পি পি দলে ২২খনৰ ৭ খন আসন দখল কৰিব পৰাটো আঞ্চলিকতাবাদৰ প্ৰতি ৰাইজৰ আস্থাৰ কথা সূচায় আৰু সেই দৃষ্টিকোণেৰে জেপিপি দলটোক সকলোৱে অভিনন্দন জনোৱা উচিত৷

    আনহাতে ২২খনৰ আটাইকেইখন আসন পাম বুলি দাবী কৰা বিজেপিয়ে মাত্ৰ ১১খন আসন লাভ কৰাটোৱে বিজেপিক যে ৰাইজে প্ৰত্যাখ্যান কৰিবলৈ লৈছে, তাৰে ইংগিত দিয়ে বুলি মত প্ৰকাশ কৰি গগৈ আৰু ভূঞাই কয়, এয়া বিজেপিৰ পতনৰ আৰম্ভণিহে৷ অনাগত দিনত অধিক ৰাজনৈতিক পতনৰ বাবে বিজেপি দল সাজু থাকক৷
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88 situs sabung ayam