• অসমত আপ অধিক সক্ৰিয় ৰূপত, কেজৰিৱালে প্ৰস্তুত কৰিছে ‘অসম মডেল’

    ৰাজনৈতিক
    অসমত আপ অধিক সক্ৰিয় ৰূপত, কেজৰিৱালে প্ৰস্তুত কৰিছে ‘অসম মডেল’
    ডিজিটেল ডেস্ক : অসম আৰু ত্ৰিপুৰা ভ্ৰমণৰ কাৰ্যসূচী লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জুনত অহাৰ সম্ভাৱনা। আম আদমি পাৰ্টীয়ে এই দুয়োখন ৰাজ্যত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছে। আপৰ সূত্ৰই জানিবলৈ দিয়া মতে অসমত দলটোৱে ১০ লাখ সদস্যভৰ্তি অভিযান আৰম্ভ কৰিছে। ১০ লাখ সদস্য কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি আপ আগবাঢ়িছে। দলীয় সূত্ৰ অনুসৰি অসমত আপে ইতিমধ্যে জনসাধাৰণৰ ব্যাপক সঁহাৰি লাভ কৰিছে। আপে অসমৰ ৰাইজৰ পৰা এনেধৰণৰ সঁহাৰি লাভ কৰিব বুলি কল্পনাও কৰা নাছিল। অসমত আপ কিদৰে আগবাঢ়িব, কোনবোৰ বিষয় তেওঁলোকে জনসাধাৰণৰ হৈ তুলি ধৰিব, এই কথাবোৰ দিল্লীৰ পৰাই অৰবিন্দ কেজৰিৱালে পৰ্যৱেক্ষণ কৰি থকা বুলি প্ৰকাশ। উল্লেখযোগ্য যে ২০২৪ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আপে অসমসহ উত্তৰ-পূৰ্বাঞ্চলত খোপনি পুতিবলৈ চেষ্টা চলাইছে। এইক্ষেত্ৰত কেজৰিৱালে অসম আৰু ত্ৰিপুৰাক প্ৰাথমিক গুৰুত্ব প্ৰদান কৰিছে।

    আম আদমি পাৰ্টীৰ অসম শাখাৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে অসম আৰু ত্ৰিপুৰাক লৈ কেজৰিৱালে ইতিমধ্যে এটা সমীক্ষা চলাইছে। কেজৰিৱালে এই সমীক্ষাৰ দ্বাৰা অসমৰ প্রধান সমস্যা কি আৰু ইয়াৰ সমাধান কিদৰে সম্ভৱ হ’ব পাৰে, সেই বিষয়ে বিশেষজ্ঞৰ দ্বাৰা অধ্যয়ন কৰাইছে। লগতে অসমৰ ভূমিপুত্ৰ সন্মুখত্ দেখা দিয়া প্রত্যাহ্বানসমূহ কি কি ইয়াৰ ওপৰতো অধ্যয়ন কৰিছে। বিশেষজ্ঞৰ দলটোৱে অসমত দীঘলীয়াকৈ থাকি প্রস্তুত কৰা প্ৰতিবেদন কেজৰিৱালক অৰ্পণ কৰিব। এই প্ৰতিবেদন পৰৱৰ্তীসময়ত বিশেষজ্ঞৰ দ্বাৰা পুনৰ পৰীক্ষা কৰা হ’ব| অসমৰ সমস্যাসমূহৰ বৈজ্ঞানিক সমাধান কিদৰে সম্ভৱ, তাৰ ওপৰত বিশেষজ্ঞসকলে দিয়া পৰামৰ্শক লৈ অৰবিন্দ কেজৰিৱালে অসম ম'ডেল প্রস্তুত কৰিব। লোকসভা নিৰ্বাচনৰ আগে আগে দিল্লী আৰু গুৱাহাটীত একেলগে অসম ম'ডেল প্রকাশ কৰিব। এই অসম ম'ডেলৰ হাতত ধৰিয়ে আম আদমি পাৰ্টীয়ে ৰাজ্যখনৰ ৰাইজৰ কাষ চাপিব।

    প্রসংগক্ৰমে উল্লেখযোগ্য যে অসমত আপে তৰুণ প্রজন্মৰ অধিক মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আপ এটা শিক্ষিত মানুহৰ
    ৰাজনৈতিক দল আৰু এই দলটোৱে এটা সভ্যতা আৰু সংস্কৃতিক প্রতিনিধিত্ব কৰে বুলি অসমৰ যুৱপ্রজন্মৰ মাজত হোৱা প্রচাৰ লক্ষণীয়। শেহতীয়াকৈ আহি পৰা তথ্য অনুসৰি অসমৰ প্রথমবাৰৰ বাবে ভোটাধিকাৰ পোৱা যুৱক-যুৱতীসকলৰ লগতে শিক্ষিতচাম তৰুণৰ সমৰ্থন আদায় কৰিবলৈ আপ সক্ষম হৈছে।

    আপৰ গ্ৰহণযোগ্যতা লাহে লাহে বৃদ্ধি পাবলৈ ধৰাত কেতবোৰ সুযোগ সন্ধানীয়ে দলটোত ভিৰ কৰিছে। অৱশ্যে এতিয়ালৈকে আপত অসমৰ ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰৰ তেনে কোনো জনপ্ৰিয় তথা চিনাকী মুখ নাই। আগন্তুক সময়ত বিভিন্ন ৰাজনৈতিক দলৰ পৰা আপত যোগ দিবলৈ বহু লোকে বিচৰাটো নিশ্চিত। বিশেষভাৱে কংগ্ৰেছৰ পৰা বহুকেইজন লোকে আপত যোগ দিব বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত অৱশ্যে অন্য কেতবোৰ কাৰকো আছে। কিয়নো লোকসভা নিৰ্বাচনলৈ এতিয়াও ডেৰ বছৰ বাকী আছে। এই ডেৰ বছৰত আপ বিজেপি আৰু কংগ্ৰেছৰ বিকল্প হৈ উঠিব পাৰিবনে নোৱাৰে? এই প্রশ্নটো ৰাজনীতি কৰা লোকসকলৰ মুখত শুনিবলৈ পোৱা গৈছে। ইয়াৰ বাবে অসম আৰু ত্ৰিপুৰাৰ সচেতন মহলে এই বছৰৰ শেষত অনুষ্ঠিত হ’বলগীয়া গুজৰাটবিধানসভা নিৰ্বাচনৰ ফলাফললৈ অপেক্ষা কৰিছে। এই বছৰৰ ডিচেম্বৰত অনুষ্ঠিত হ'ব গুজৰাট বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনত বিজেপিৰ সন্মুখত প্রধান প্রত্যাহ্বান হোৱা ৰাজনৈতিক দলটো আপ হ’ব পাৰিবনে? একেৰাহে ২৪ বছৰ গুজৰাটত শাসন কৰা বিজেপিৰ সন্মুখত এতিয়া কংগ্ৰেছ কোনো প্রত্যাহ্বান নহয়।

    ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ আগে আগে বিৰোধী দল কংগ্ৰেছ বিপৰ্যয়ৰ মুখত পৰিছে। কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে পাটিদাৰ নেতা হাৰ্ডিক পেটেলে। বিজেপিৰ বিৰোধিতা কৰি অহাৰ বাবেই হাৰ্ডিক পেটেল শাসক দলৰ নানা
    অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। হাৰ্ডিক পেটেলক কাৰাগাৰতো বন্দী কৰি থোৱা হৈছিল। পৰৱৰ্তী সময়ত পেটেলে কংগ্ৰেছত যোগ দিছিল যদিও ৰাহুল গান্ধীৰ অদক্ষতা আৰু ব্যৰ্থতাৰ বাবে দলত্যাগ কৰে। ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ যে কোনো ভৱিষ্যৎ নাই, সেয়া হাৰ্ডিক পেটেলে অনুভৱ কৰিছে। পেটেলে ৰাহুল গান্ধীক কটাক্ষ কৰি ইয়াকো কৈছে যে কংগ্ৰেছ নেতা চিকেন চেণ্ডুইছ আৰু মোবাইল ফোনত ব্যস্ত থাকে। সেয়ে গুজৰাটত বিজেপিৰ বিকল্প
    হৈ সোমাব বিচাৰিছে আপ।

    গুজৰাট বিধানসভা নিৰ্বাচনত আপে কি ধৰণৰ সফলতা দেখুৱাব পাৰে, তাৰ ওপৰত অসম আৰু ত্ৰিপুৰাৰ ৰাজনীতি বহুখিনি নিৰ্ভৰ কৰিছে। ইয়াৰ কাৰণ গুজৰাট নহয়, ইয়াৰ কাৰণ হ’ল আম আদমি পাৰ্টী৷ পঞ্জাব বিধানসভা নিৰ্বাচনত দেখুওৱা সফলতাৰ পাছতে দেশজুৰি আপক কেন্দ্ৰ কৰি চৰ্চা আৰম্ভ হৈছে। অসমতো হঠাতে আপৰ প্রতি বিভিন্নজন আকৰ্ষিত হোৱাৰ মূলতে পঞ্জাব বিধানসভা নিৰ্বাচনত দেখুওৱা সফলতা।


    ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ সন্মুখত আপ যে প্ৰত্যাহ্বান হৈ পৰিছে, সেয়া স্বয়ং প্ৰধানমন্ত্ৰীৰ তৎ্পৰতই প্ৰমাণ কৰিছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিন গুজৰাটত বাহৰ পাতি নিৰ্বাচনী প্রচাৰ চলাইছিল। গুজৰাটলৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক নিমন্ত্ৰণ জনাই বিশাল সভা পতাৰ কাৰণ হ'ল, জনতাক আকৰ্ষিত কৰা। আগন্তুক সময়ত পৃথিৱীৰ আৰু কেইবাগৰাকীও ৰাষ্ট্ৰ নেতা গুজৰাটলৈ অহাটো নিশ্চিত। একমাত্ৰ গুজৰাট বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি প্রধানমন্ত্ৰীয়ে এই ধৰণৰ তৎপৰতা দেখুৱাইছে বুলি চৰ্চিত হৈছে।

    প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিয়মীয়াকৈ গুজৰাট ভ্ৰমণ আৰম্ভ কৰিছে। ইয়াৰ প্রধান কাৰণ আপ। অৰবিন্দ কেজৰিৱাল আৰু মণিষ ছিছোদিয়াই দুদিনীয়া কাৰ্যসূচীৰে গুজৰাট ভ্ৰমণ কৰি জনসাধাৰণৰ সন্মুখত কৰা মন্তব্য উল্লেখনীয়। কেজৰিৱালে গুজৰাটৰ ৰাইজক আহ্বান জনাইছে যে
    তেওঁলোকে বিজেপিক ২৪ বছৰ দিলে, আপক এবাৰ সুযোগ দিব লাগে৷ লগতে কেজৰিৱালে ইয়াকো কৈছে যে তেওঁলোকে কংগ্ৰেছ বা বিজেপিক পৰাস্ত কৰিবলৈ গুজৰাটলৈ অহা নাই৷ তেওঁলোকে গুজৰাটৰ সৰ্বসাধাৰণ নাগৰিকৰ অন্তৰ জয় কৰিবৰ বাবেহে গুজৰাটলৈ আহিছে। বিজেপিয়ে আপক লৈ চিন্তিত হোৱা নাই বুলি দেখুৱাইছে যদিও ভিতৰি ভিতৰি গুজৰাটতো যে পৰিৱৰ্তনৰ বতাহ বলিছে, সেয়া প্রধানমন্ত্ৰীয়ে অনুমান কৰিছে। তদুপৰি অৰবিন্দ কেজৰিৱালৰ প্রতিখন সভা আৰু সমাৱেশত হোৱা মানুহৰ ভিৰ বিজেপিৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। ডিচেম্বৰত গুজৰাটত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিলে ইয়াৰ প্রত্যক্ষ প্রভাৱ অসম আৰু ত্ৰিপুৰাত যিদৰে পৰিব, সেইদৰে গুজৰাটত আপে এক সন্মানজনক স্থানলৈ আহি আসন দখল কৰিব পাৰিলেই ইয়াৰ প্রভাৱ বাকী ৰাজ্যবোৰত পৰিব।

    অসমত বৰ্তমানলৈকে আপত তেনে কোনো পৰিচিত নেতা নাই। এটা সূত্ৰই জানিবলৈ দিছে যে অৰবিন্দ কেজৰিৱালে অসমৰ বাবে এখন বিশেষ মুখৰ সন্ধান কৰি আছে। শিক্ষিত আৰু নীৰৱে মানৱ জাতিৰ বাবে কাম কৰি থকা কেইবাগৰাকীও অসমীয়া ব্যক্তিৰ সৈতে আপে যোগাযোগ কৰিছে। এইক্ষেত্ৰত কি সহায় লাভ কৰিছে, সেয়া এতিয়াও জনিব পৰা হোৱা নাই। গুজৰাট বিধানসভা নিৰ্বাচনৰ পাছতে আপে গুৱাহাটীকে ধৰি অসমৰ নিৰ্দিষ্ট দুটামান
    লোকসভা সমষ্টিৰ বাবে ব্যতিক্ৰমী ব্যক্তিত্বৰ লোকক সন্মুখলৈ আনি বিজেপি আৰু কংগ্ৰেছৰ সন্মুখত প্রত্যাহ্বানৰ সৃষ্টি কৰিবলৈ প্রস্তুতি চলাইছে।