comScore
  • বিকল্প ৰাজনীতিৰ ধ্বজাবাহক হ’ব পাৰিবনে অসম জাতীয় পৰিষদ?

    ৰাজনৈতিক
    বিকল্প ৰাজনীতিৰ ধ্বজাবাহক হ’ব পাৰিবনে অসম জাতীয় পৰিষদ?
    ডিজিটেল ডেস্ক: আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ‘কা’ আন্দোলনৰ প্ৰেক্ষাপটত জন্ম হোৱা অসমৰ নতুন আঞ্চলিক দল ‘অসম জাতীয় পৰিষদ’ৰ কাৰ্যপন্থাৰ ওপৰতে নিৰ্ভৰ কৰিছে অসমৰ জাতীয়তাবাদী ৰাজনীতিৰ ভৱিষ্যতৰ ৰেহৰূপ৷ ‘কা’ আন্দোলনত অসমৰ খিলঞ্জীয়া নাগৰিক প্ৰতাৰিত হোৱাত ৰাইজৰ আকাংক্ষাৰ সোপানতে জন্ম হৈছিল ‘অসম জাতীয় পৰিষদ’ৰ৷

    সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যৌথ প্ৰচেষ্টাত ভূমিষ্ঠ হৈছিল অসম জাতীয় পৰিষদ৷ নেতৃত্ব লৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ তদানীন্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে৷ দলটোৰ আৰম্ভণিৰ সময়ছোৱাত অজাযুছাপৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ো সক্ৰিয়তাৰে ব্যস্ত হৈ পৰিছিল যদিও পৰৱৰ্তী সময়ত চাংমাইক অসম জাতীয় পৰিষদৰ মঞ্চত দেখা নগ’ল৷

    ২০২১ৰ নিৰ্বাচনত বলিষ্ঠ আত্মপ্ৰকাশেৰে অসম জাতীয় পৰিষদে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এক ঢৌ বোৱাবলৈ সক্ষম হৈছিল৷ যদিও, সেই ঢৌ অথবা জাতীয় আৱেগ পৰ্যবসিত নহ’ল ভোটৰ পৰিসংখ্যালৈ৷ দুটাকৈ সমষ্টিত পৰাজয়বৰণ কৰিলে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ এখন আসনতো এগৰাকীও বিধায়ক নিৰ্বাচিত নোহোৱাত প্ৰথমটো নিৰ্বাচনতে বিমুখ হ’ল অসম জাতীয় পৰিষদ৷

    পৰৱৰ্তী সময়ত সময়ে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈক অসমৰ এগৰাকী শক্তিশালী বিৰোধী নেতাৰূপে প্ৰতিষ্ঠা কৰিলে৷ ‘কা’ আন্দোলনৰ সময়ছোৱাতে নিজৰ আপোচবিহীন চৰিত্ৰক তুলি ধৰি চৰকাৰক চোকা সমালোচনা আৰু বাকপটুতাৰে অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল ছাত্ৰনেতা লুৰীণজ্যোতি গগৈয়ে৷

    ছাত্ৰনেতাৰ পৰা ৰাজনৈতিক নেতালৈ লুৰীণজ্যোতি গগৈৰ যাত্ৰা আগবাঢ়়িছিল এক সন্ধিক্ষণৰ মাজেৰে৷ বিধায়কশূন্য দলটোৰ নেতৃত্ববহনকাৰী এইগৰাকী লুৰীণজ্যোতি গগৈৰ সন্মুখত এতিয়া পাহাৰসম প্ৰত্যাহ্বান৷ এফালে ৰাষ্ট্ৰীয়তাবাদৰ আগ্ৰাসন, আনফালে জাতীয় জীৱনৰ মৌলিক প্ৰশ্নবোৰৰে অসমবাসীক মুখামুখি কৰোৱাৰ৷ এটা কথা নিশ্চিত যে জাতীয়তাবাদী ধ্যান-ধাৰণা আৰু চিন্তা-চেতনাক কোনো ৰাষ্ট্ৰীয়তাবাদী শক্তিয়েই সমূলি শেষ কৰিব পৰা নাই৷ ভাৰতৰ ৰাজনৈতিক ইতিহাসে সেই কথাৰেই প্ৰতিফলন কৰি আহিছে৷ 

    অসমৰ সমাজ জীৱনতো জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ হ’লে লুৰীণজ্যোতি গগৈয়ে ত্যাগ কৰিবলৈ সাজু থাকিব লাগিব বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে মন্তব্য কৰিছে৷ সহজ পথ নলৈ নিজৰ স্থিতি দৃঢ়তাৰে অক্ষুণ্ণ ৰাখিলে লুৰীণজ্যোতি গগৈ অসমৰ ভৱিষ্যতৰ ৰাজনীতিৰ এগৰাকী বলিষ্ঠ নেতা হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে৷ ক্ষমতা আৰু আদৰ্শৰ যুঁজত লক্ষ্যপ্ৰাপ্তিৰ বাট সহজ নহ’লেও অসম্ভৱ নহয়৷ ছাত্ৰ সন্থাৰ পূৰ্বজসকলৰ দৰে সহজ আৰু সুবিধাজনক বাট নলৈ লুৰীণজ্যোতি গগৈয়ে গ্ৰহণ কৰিছে এটি কঠিন বাট৷ এই কথা তেওঁ ইতিমধ্যে কেইবাবাৰো স্বীকাৰ কৰিছে৷ এনে পৰিপ্ৰেক্ষিতত এই টান বাটত তিষ্ঠি থাকিবলৈ লুৰীণজ্যোতি গগৈক প্ৰয়োজন হ’ব অদম্য সাহসৰ৷ আৰু প্ৰত্যাহ্বান নেওচি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ হ’লে দলটোৱে এতিয়াৰ কিছু নীতি সলোৱাৰ প্ৰয়োজনীয়তা আছে বুলি চৰ্চা চলিছে৷

    পৌৰসভা, পৌৰনিগমৰ নিৰ্বাচনত আশানুৰূপ নহ’লেও অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীয়ে জয়লাভ কৰা বিষয়টো অসমৰ জাতীয়তাবাদী ৰাজনীতিৰ এক তাৎপৰ্যপূৰ্ণ ইংগিতকে বহন কৰিছে৷ পৌসভা আৰু পৌৰনিগমৰ নিৰ্বাচনৰ পাছত দলটোৰ সন্মুখত আছে ২০২৩ৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচন৷ পঞ্চায়ত নিৰ্বাচনৰ বাবে স্থিতি একে ৰাখি কৌশলী স্থিতিৰে অসম জাতীয় পৰিষদে এতিয়াৰ পৰাই কাম-কাজ আৰম্ভ নকৰিলে নিজৰ বাট নিজে ৰুদ্ধ কৰাৰ নিচিনাই হ’ব বুলি মন্তব্য কৰিছে ৰাজ্যখনৰ একাংশ সচেতন নাগৰিকে৷

    বিজেপিৰ দৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ আগ্ৰাসনৰ সময়তে অসম জাতীয় পৰিষদৰ বাবে অসমত তলসুঁতীয়াকৈ খোপনি পুতিবলৈ প্ৰয়াস কৰি থকা আম আদমী পাৰ্টীও অন্যতম প্ৰত্যাহ্বান হৈ পৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷ আম আদমী পাৰ্টীৰ প্ৰতি অসমৰ একাংশ নাগৰিক আকৃষ্ট হোৱা কথাটোৱেই প্ৰমাণ কৰে যে অসমত বিকল্প ৰাজনীতিয়ে মূৰ দাঙি উঠাৰ পূৰ্ণ সম্ভাৱনা আছে৷ এতিয়া সেই সম্ভাৱনাকে বাস্তৱায়িত কৰিবলৈ অসম জাতীয় পৰিষদে কেনে কৌশল গ্ৰহণ কৰে তাৰ ওপৰতেই নিৰ্ভৰ কৰিব অজাপৰ স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠাৰ যুঁজখনৰো স্থায়িত্ব৷ এনে পৰিস্থিতিত অসমৰ যুৱ-প্ৰজন্ম আৰু বৌদ্ধিক সমাজক লগত লৈ দলটোৱে কি ধৰণৰ নীতিৰে অসমবাসীৰ কাষ চাপিবলৈ প্ৰয়াস কৰে, তাৰ ওপৰতে নিৰ্ভৰ কৰিব অসম জাতীয় পৰিষদৰ লগতে লুৰীণজ্যোতি গগৈৰো ৰাজনৈতিক ভৱিষ্যৎ৷


    indojawa88slot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet