• শক্তিশালী নেতা চিত্তৰঞ্জন বসুমতাৰীৰ পদত্যাগে ভেটি খহাব নেকি অজাপৰ?

    ৰাজনৈতিক
    শক্তিশালী নেতা চিত্তৰঞ্জন বসুমতাৰীৰ পদত্যাগে ভেটি খহাব নেকি অজাপৰ?
    ডিজিটেল ডেস্কঃ অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে আজি আকস্মিকভাৱে দলৰ পৰা পদত্যাগ কৰে। যি কথাই অসম জাতীয় পৰিষদক মোক্ষম আঘাত সানিলে। দলীয় কাম-কাজকলৈ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। ইতিমধ্যে দলীয় নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে চিত্তৰঞ্জন বসুমতাৰীয়ে। উল্লেখ্য যে বিগত উপ-নিৰ্বাচনত মাজুলীৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাস্ত হৈছিল বসুমতাৰী। ইয়াৰ পূৰ্বে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ হৈ ধেমাজিৰ পৰা প্ৰাৰ্থিত্ব আগ বঢ়াইছিল চিত্তৰঞ্জন বসুমতাৰীয়ে। আনহাতে বসুমতাৰীৰ পদত্যাগ পত্ৰ পোৱাৰ পাছতেই সংবাদমেল যোগে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে চিত্তৰঞ্জন বসুমতাৰীয়ে উত্থাপন কৰা অভিযোগ সমূহ তেনেই সাধাৰণ বুলি উল্লেখ কৰি ক্ষন্তেকীয়া ক্ষোভৰ বাবেই তেওঁ পদত্যাগৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে। 

    বসুমতাৰীৰ অভিযোগ সন্দৰ্ভত দলৰ মজিয়াত আলোচনা কৰি ইয়াৰ মিমাংসা কৰা হ’ব বুলিও লুৰীণজ্যোতি গগৈয়ে উল্লেখ কৰে। তেওঁ লগতে চিত্তৰঞ্জন বসুমতাৰীয়ে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে অসম জাতীয় পৰিষদ চমুকৈ অজাপ ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। ২০২০ চনৰ ১৭ ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে এই দল গঠন কৰা হৈছিল। অসমৰ দুই ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দ্বাৰা গঠন কৰা হৈছে অসম জাতীয় পৰিষদ। শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ কাম-কাজৰ বিৰোধিতা কৰি, আৰু বিশেষকৈ নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰোধী প্ৰতিবাদৰ ফলত এই দল গঠন হৈছিল। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি। অসম জাতীয় পৰিষদৰ প্ৰতীক চিহ্ন হল 'জাহাজ'। ২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলে অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা কৰি একেলগে প্ৰতিদ্বন্দিতা কৰিছিল। আসন ভাগ-বতৰা চুক্তি অনুসৰি অসম জাতীয় পৰিষদে ৬৮ খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু ৰাইজৰ দলে অসমৰ ২৯ খন আসনত প্ৰতিদ্বন্দিতা কৰে। এই নিৰ্বাচনত অসম জাতীয় পৰিষদৰ এজনো প্ৰাৰ্থী বিধানসভালৈ নিৰ্বাচিত হব নোৱাৰিলে। 

    নাহৰকটীয়া আৰু দুলিয়াজান দুয়োটা সমষ্টিতে পৰাস্ত হৈছিল লুৰীণজ্যোতি গগৈ। আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে জন্ম হোৱা ‘অসম জাতীয় পৰিষদ’ৰ কাৰ্যপন্থাৰ ওপৰতে নিৰ্ভৰ কৰিছে অসমৰ জাতীয়তাবাদী ৰাজনীতিৰ ভৱিষ্যতৰ ৰেহৰূপ৷ কিন্তু সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে আকস্মিকভাৱে দলৰ পৰা পদত্যাগ কৰাত দলটোৰ ভেটি দুৰ্বল হবলৈ গৈ আছে বুলি ধাৰণা কৰা হৈছে কিয়নো ‘অসম জাতীয় পৰিষদ’ৰ অন্যতম গুৰি ধৰোতা আছিল বসুমতাৰী। ২০২১ত ধেমাজি সমষ্টিত অসম জাতীয় পৰিষদৰ প্রাৰ্থী চিত্তৰঞ্জন বসুমতাৰী পৰাজিত হৈছিল যদিও অজাপৰ প্রাৰ্থীৰ ভিতৰত সৰ্বাধিক ভোট পোৱা ব্যক্তি আছিল তেওঁ। মাজুলীৰ উপ-নিৰ্বাচনতো বিৰোধীৰ সন্মিলিত প্রাৰ্থী আছিল চিত্তৰঞ্জন বসুমতাৰী। শুকুৰবাৰে চিত্তৰঞ্জন বসুমতাৰীয়ে অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰাৰ কথা ছচিয়েল মিডিয়া যোগে জনায়। তেওঁ লিখে যে- 'মই এতিয়া ৰাজনৈকিৰ ভাবে মুক্ত।' এই শক্তিশালী নেতাগৰাকীৰ পদত্যাগে অসম জাতীয় পৰিষদ দলক ক্ষতি কৰিব বুলি আশংকা প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। 

    চিত্তৰঞ্জন বসুমতাৰীৰ পদত্যাগে যেন লুৰীণজ্যোতি গগৈৰ সন্মুখত পাহাৰসম প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে৷ বিজেপিৰ দৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ শাসনকালৰ সময়ত অসম জাতীয় পৰিষদৰ দৰে নতুন আঞ্চলিক দলে ভালকৈ খোপনি লবলৈ পোৱাৰ আগতেই দলটোৰ এজন শক্তিশালী নেতাই পদত্যাগ কৰা কথাই অশনি সংকেতৰ ইংগিত দিছে।দলৰ গুৰি ধৰোতা নেতাই যদি পদত্যাগ কৰে তেন্তে কিহৰ ভিত্তিত দলটোৰ প্ৰতি আস্থা ৰাখিব অসমৰ জনতাই। অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰিলে দলটোৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে। শুকুৰবাৰে দিনত চিত্তৰঞ্জন বসুমতাৰীয়ে পদত্যাগ কৰাৰ পিছতেই দলটোৰ আন এগৰাকী নেতা তথা দলটোৰ উপ-সভাপতি পলাশ বৰুৱাইও পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে।এনে পৰিস্থিতিত দলটোৱে কি ধৰণৰ নীতিৰে ৰাজনৈতিক খোজ শক্তিশালী কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিব তাৰ ওপৰতে নিৰ্ভৰ কৰিব লুৰীণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদৰ ৰাজনৈতিক ভৱিষ্যৎ৷