• বিহাৰবাসীৰ কাষত ৰাহুল গান্ধী; যুৱৰাজৰ সাৰথি হ’ল তেজস্বী যাদৱ

    ৰাজনৈতিক
    বিহাৰবাসীৰ কাষত ৰাহুল গান্ধী; যুৱৰাজৰ সাৰথি হ’ল তেজস্বী যাদৱ
    ডিজিটেল ডেস্কঃ বিহাৰবাসীৰ কাষত ৰাহুল গান্ধী! শুকুৰবাৰে পুৱা বিহাৰৰ সাছাৰামত আৰজেডিৰ মুৰব্বী লালুপ্ৰসাদৰ পুত্ৰ তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ সৈতে কংগ্ৰেছৰ যুৱৰাজ ৰঙা জীপত ৰেলী কৰা দেখা গ’ল৷

    লালু-পুত্ৰই ৰাহুলৰ সৈতে একাংশ ছবি এক্স হেণ্ডেলত পোষ্ট কৰে। লিখিছে - "ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা' আজি পুৱা বিহাৰৰ সাছাৰামৰ পৰা আৰম্ভ হৈছে। " জানুৱাৰী মাহত জেডিইউৰ মুৰব্বী নীতিশে কুমাৰে 'ইণ্ডি' এলায়েন্স এৰি যোৱাৰ পাছত বিহাৰত বিজেপি বিৰোধী মিত্ৰজোঁটৰ ভৱিষ্যতক লৈ সন্দেহৰ সৃষ্টি হৈছিল। এই পৰিবেশত শুকুৰবাৰে তেজস্বীৰ উপস্থিতিত ‘ইণ্ডিয়া’ মিত্ৰজোটৰ ঐক্যৰ ভাবমূর্তিয়ে এক নতুন মাত্ৰা লাভ কৰে৷


    আৰজেডিয়ে জনাইছে যে শুকুৰবাৰে বিয়লি উত্তৰ প্ৰদেশৰ লাগোয়া কাইমুৰ জিলাৰ দুৰ্গাৱতীত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ ৰাজহুৱা সভা অনুষ্ঠিত হ’ব। তাতে ৰাহুলৰ সৈতে মঞ্চত উপস্থিত থাকিব তেজস্বী। প্ৰসংগক্ৰমে ১৪ জানুৱাৰীত যেতিয়া ৰাহুলে মণিপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া বিহাৰত ‘মহাগঠবন্ধন’ চৰকাৰৰ ক্ষমতা আছিল। মিত্ৰজোঁটৰ সৰ্ববৃহৎ অংশীদাৰ আছিল তেজস্বীৰ আৰজেডি। ৰাহুলৰ দল কংগ্ৰেছ আছিল তৃতীয় বৃহত্তম অংশীদাৰ। কিন্তু ২৯ জানুৱাৰীত ৰাহুলৰ যাত্ৰা কিষাণগঞ্জত প্ৰৱেশ কৰাৰ লগে লগে ‘মহাগঠবন্ধন’ৰ পাৰ্টনাৰ নীতিশে বিজেপিৰ হাত লোৱাত বিহাৰৰ চৰকাৰ সলনি হ’ল।