• ২০২৪ৰ পূৰ্বে সষ্টম কংগ্ৰেছ;ৰথী-মহাৰথীৰ নামেৰে ৱৰ্কিং কমিটীৰ ঘোষণা মল্লিকাৰ্জুন খৰ্গেৰ; তালিকাত গৌৰৱ গগৈৰো নাম উল্লেখ

    ৰাজনৈতিক
    ২০২৪ৰ পূৰ্বে সষ্টম কংগ্ৰেছ;ৰথী-মহাৰথীৰ নামেৰে ৱৰ্কিং কমিটীৰ ঘোষণা মল্লিকাৰ্জুন খৰ্গেৰ; তালিকাত গৌৰৱ গগৈৰো নাম উল্লেখ
    ডিজিটেল ডেস্কঃ এইবাৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন আৰু ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে নিজৰ দলটো সাজু কৰি তুলিছে। কংগ্ৰেছৰ নতুন কাৰ্যকৰী সমিতিৰ তালিকাত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেকে ধৰি মুঠ ৩৯ জন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

    একে সময়তে আনন্দ শৰ্মা, শশী থাৰুকে ধৰি এনে বহু জি-২৩ নেতায়ো  এই কাৰ্যকৰী সমিতিত স্থান লাভ কৰিছে। দীৰ্ঘদিন ধৰি চি ডব্লিউ চিৰ বাবে অপেক্ষা কৰি আছিল। এইখন কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ সমিতি। অৱশ্যে এই নতুন সমিতিখনত পুৰণি সমিতিখনৰ পৰা বিশেষ পৰিৱৰ্তন হোৱা নাই। তালিকা প্ৰকাশৰ পূৰ্বে বিগত কেইবামাহো ধৰি এক ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হৈ আহিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয়।

    চি ডব্লিউ চিত মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, মনমোহন সিং, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, এ কে এণ্টনি, অম্বিকা ছোনী, অধীৰ ৰঞ্জন চৌধুৰী, দিগ্বিজয় সিং, চৰণজিৎ সিং চান্নী, আনন্দ শৰ্মাকে ধৰি মুঠ ৩৯ গৰাকী নেতা আছে। ইয়াৰ উপৰিও ৩২ গৰাকী স্থায়ী আমন্ত্ৰিত, ৯ গৰাকী বিশেষ আমন্ত্ৰিত, যুৱ কংগ্ৰেছ, এন এছ ইউ আই, মহিলা কংগ্ৰেছ আৰু সেৱা দলৰ সভাপতিকো স্থান দিয়া হৈছে।


    ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধীয়ে গঠন কৰা কমিটীৰ সৈতে কাম কৰি আছিল। এতিয়া যিখন কংগ্ৰেছ ৱৰ্কিং কমিটী ঘোষণা কৰা হৈছে তাত পূৰ্বৰ কমিটীৰ তুলনাত বিশেষ পৰিৱৰ্তন হোৱা নাই।