ডিজিটেল ডেস্কঃ আবকাৰী নীতি কেলেংকাৰীৰ অভিযোগত দেওবাৰে (১৬ এপ্ৰিল) জেৰাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চিবিআইয়ে চমন কৰিছে। আম আদমী পাৰ্টিয়ে ইয়াক ষড়যন্ত্ৰ বুলি অভিহিত কৰি দেওবাৰে অৰবিন্দ কেজৰিৱাল সংস্থাটোৰ সন্মুখত হাজিৰ হ’ব বুলি নিশ্চিত কৰিছে। এই জাননীৰ পিছত কেন্দ্ৰ আৰু বিৰোধী দলৰ মাজতো ধাৰাবাহিকভাৱে আক্ৰমণ প্ৰত্যাক্ৰমণ আৰম্ভ হৈছে৷
চিবিআইৰ বিষয়াসকলে জনোৱা মতে, অৰবিন্দ কেজৰিৱালক পুৱা ১১ বজাত এজেন্সীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ তদন্তকাৰী দলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কোৱা হৈছে। সংস্থাটোৰ সূত্ৰই জনোৱা মতে, নীতিটো কিছুমান সুৰা বেৰন আৰু দক্ষিণ লবীৰ সপক্ষে টুইক কৰি সংগ্ৰহ কৰা ধন আপে নিৰ্বাচনী উদ্দেশ্যত ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ইতিমধ্যে এই গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াক গ্ৰেপ্তাৰ কৰিছে।
Leave A Comment