• ২০২৪ত প্ৰধানমন্ত্ৰী পদৰ দৌৰত চামিল নহয় কংগ্ৰেছ; বিৰোধী ঐক্যহে অধিক গুৰুত্বপূৰ্ণঃ মন্তব্য মল্লিকাৰ্জুন খৰ্গেৰ

    ৰাজনৈতিক
    ২০২৪ত প্ৰধানমন্ত্ৰী পদৰ দৌৰত চামিল নহয় কংগ্ৰেছ; বিৰোধী ঐক্যহে অধিক গুৰুত্বপূৰ্ণঃ মন্তব্য মল্লিকাৰ্জুন খৰ্গেৰ
    ডিজিটেল ডেস্কঃ বেংগালুৰুত আৰম্ভ হৈছে বিৰোধীৰ ঐক্য সন্মিলনৰ দ্বিতীয় দিন। বৈঠকত ভাষণ দি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে-এ কয় যে কংগ্ৰেছ দল ক্ষমতা বা প্ৰধানমন্ত্ৰী পদৰ কোনো এটাৰ প্ৰতি আগ্ৰহী নহয়। তেওঁ লগতে কয়, ''আমি ৰাজ্যিক পৰ্যায়ত আমাৰ কিছুমানৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে সচেতন; এইবোৰ মতাদৰ্শগত নহয় আৰু এইবোৰ ইমান ডাঙৰ বিষয়ো নহয় যে জনসাধাৰণৰ স্বাৰ্থত ইয়াক আঁতৰাই ৰাখিব পৰা নাযাব৷''

    খৰ্গেই লগতে উল্লেখ কৰে যে, ‘আমি ২৬টা দল,আমাৰ ১১খন ৰাজ্যত চৰকাৰ আছে। বিজেপিয়ে নিজে ৩০৩খন আসন পোৱা নাই, মিত্ৰশক্তিৰ ভোট ব্যৱহাৰ কৰিহে সেয়া সম্ভৱ কৰি উঠিছে।” আজি অনুষ্ঠিত হৈ থকা নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ বৈঠকক লক্ষ্য কৰি তেওঁ কয় যে, “বিজেপিৰ সভাপতি (জে পি নাড্ডা) আৰু দলৰ নেতাসকলে পুৰণি মিত্ৰশক্তিৰ সৈতে মিত্ৰতা কৰিবলৈ ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ দৌৰিছে।” এই বৈঠকতে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেই কয় যে ২০২৪ চনৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ দৌৰত কংগ্ৰেছ দল জড়িত নহয়। তেওঁ কয়, কংগ্ৰেছে বিৰোধীৰ বৈঠকত অংশ লৈছে যদিও প্ৰধানমন্ত্ৰীৰ দৌৰত নাই। ক্ষমতা বা প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰতি আগ্ৰহী নহয় কংগ্ৰেছ।বৰঞ্চ বিজেপি বিৰোধী শক্তিসমূহৰ একত্ৰীকৰণতহে কংগ্ৰেছে গুৰুত্ব দিয়ে৷







    @stak('js')