• দ্ৰৌপদী মূৰ্মু : ভাৰতে প্ৰথমগৰাকী আদিবাসী ৰাষ্ট্ৰপতি লাভ কৰাৰ পথত

    ৰাজনৈতিক
    দ্ৰৌপদী মূৰ্মু : ভাৰতে প্ৰথমগৰাকী আদিবাসী ৰাষ্ট্ৰপতি লাভ কৰাৰ পথত
    উৰিষ্যাৰ ময়ুৰভঞ্জৰ এটি সাধাৰণ চাওতালী পৰিয়ালৰ কণ্যা জনজাতীয় নেত্ৰী তথা এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী  দ্ৰৌপদী মূৰ্মূয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেবিনেট মন্ত্ৰীবৃন্দ তথা বিজেপিশাসিত ৰাজ্যসমূহৰ মূখ্যমন্ত্ৰীসকলৰ উপস্থিতিত ৰাষ্ট্ৰপতি পদৰ বাবে নিজৰ মনোনয়ন দাখিল কৰে ৷ মনোনয়নপত্ৰ দাখিল কৰাৰ পূৰ্বে তেখেতে মহাত্মা গান্ধী, ড° বি আৰ আম্বেদকাৰ আৰু বিৰছা মুণ্ডাৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷  শ্ৰীমতী মূৰ্মূয়ে সমৰ্থনৰ বাবে পশ্চিমবংগৰ মূখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে যোগাযোগ কৰিছিল যদিও তেখেতে নিজাববীয়াকৈ কেৱল শুভকামনা জনোৱাৰ লগতে সমৰ্থনৰ বিষয়ত দলে সিদ্ধান্ত ল’ব বুলি জনায়৷ 

    অৱশ্যে নবীন পাটনায়কৰ বিজেডি আৰু জগন মোহন ৰেড্ডীৰ ৱাই এচ আৰ কংগ্ৰেছ পাৰ্টীৰ সমৰ্থন লাভ কৰাৰ পিছত তেখেতৰ ৰাষ্ট্ৰপতি ভৱনলৈ পথ প্ৰায় প্ৰশস্ত হৈছে বুলিব পাৰি ।বিপক্ষৰ টি এম চিৰ নেতা যশৱন্ত সিনহাই অহা ২৭তাৰিখে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল কৰিব ৷ 

    ৰাজনীতিত যোগ দিয়াৰ পূৰ্বে দ্ৰৌপদী মূৰ্মূ এগৰাকী শিক্ষয়িত্ৰী আছিল ।পিছলৈ অৱশ্যে তেওঁ উৰিষ্যাৰ ৰাইৰঙ্গপুৰ সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক নিৰ্বাচিত হয় ৷তাৰোপৰি তেওঁ আছিল ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল । যদিহে দ্ৰৌপদী মূৰ্মূ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয়, তেন্তে তেখেত হ’ব ভাৰতৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি ৷