• বাতিল কৰিব লাগে মহুৱাৰ সাংসদ পদ; ৫০০ পৃষ্ঠাজোৰা প্ৰতিবেদনত এথিক্স কমিটীৰ পৰামৰ্শ

    ৰাজনৈতিক
    বাতিল কৰিব লাগে মহুৱাৰ সাংসদ পদ; ৫০০ পৃষ্ঠাজোৰা প্ৰতিবেদনত এথিক্স কমিটীৰ পৰামৰ্শ
    ডিজিটেল ডেস্ক: সংকট ঘনীভূত হৈছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ৷ লোকসভাৰ এথিক্স কমিটীয়ে দাখিল কৰিলে প্ৰতিবেদন৷ আৰু এথিক্স কমিটীৰ প্ৰতিবেদন মহুৱাৰ ৰাজনৈতিক কেৰিয়াৰৰ অনুকূল নহয়৷

    ‘মহুৱাক সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ অনুমতি দিয়া উচিত নহয় আৰু তেওঁৰ সদস্যপদ বাতিল কৰিব লাগে৷’ মহুৱা মৈত্ৰৰ বিৰুদ্ধে নগদ ধনৰ বিনিময়ত সংসদত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগ পৰীক্ষা কৰা সংসদীয় এথিক্স কমিটীয়ে এই পৰামৰ্শ আগবঢ়াইছে৷

    মহুৱা মৈত্ৰৰ কাৰ্যকলাপক অত্যন্ত আপত্তিজনক, অনৈতিক, জঘন্য আৰু অপৰাধ মানসিকতাৰ বুলি অভিহিত কৰি কমিটীখনে কঠোৰ শাস্তিৰ আহ্বান জনাইছে। ৫০০ পৃষ্ঠাৰ প্ৰতিবেদনৰ কাৰ্যকৰী অংশত, সমিতিয়ে সমগ্ৰ বিষয়টোৰ ওপৰত আইনী, গভীৰ, প্ৰতিষ্ঠানগত আৰু সময়সীমাবদ্ধ তদন্ত কৰাৰ পৰামৰ্শ দিছে।

    কমিটীয়ে এই সিদ্ধান্তত উপনীত হৈছে যে মহুৱা মৈত্ৰই অননুমোদিত ব্যক্তিৰ সৈতে ব্যৱহাৰকাৰীৰ আইডি ভাগ-বটোৱাৰা কৰিছিল৷ ব্যৱসায়ী দৰ্শন হিৰানন্দনীৰ পৰা নগদ ধন আৰু বিলাসী সুবিধা লৈছিল৷ আৰু এয়া মহুৱাৰ গুৰুতৰ দুৰ্ব্যৱহাৰ বুলি অভিহিত কৰিছে এথিক্স কমিটীয়ে৷