• ৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ গগৈৰ উত্থানত শংকিত বিজেপি; সংসদৰ পৰা ৰাজ্যিক ৰাজনীতিলৈ তৎপৰ গৌৰৱ

    ৰাজনৈতিক
    ৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ গগৈৰ উত্থানত শংকিত বিজেপি; সংসদৰ পৰা ৰাজ্যিক ৰাজনীতিলৈ তৎপৰ গৌৰৱ
    ডিজিটেল ডেস্কঃ পৰিৱৰ্তন পছোৱা বলিছে ভাৰতত৷কিন্তু পৰিৱৰ্তনকামী জনতাৰ অন্তৰ জয় কৰিব পৰা নেতাৰ দ্বাৰাহে এই পৰিৱৰ্তনৰ বতাহৰ সুযোগ গ্ৰহণ কৰাটো সম্ভৱ৷ঠিক তেনে এজন বলিষ্ঠ ব্যক্তিত্বৰ নেতা হ’ল গৌৰৱ গগৈ৷

    পিতৃৰ পদাংক অনুসৰণ কৰি ৰাজনীতিৰ পথাৰত গৌৰৱ গগৈ এক উজ্জ্বল নক্ষত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে৷কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদজনে বিগত সময়চোৱাত নিজৰ বক্তব্যৰ জৰিয়তে দেশত আলোড়নৰ সৃষ্টি কৰি থৈছে৷মণিপুৰ ঘটনাৰ পাছত লোকসভাৰ মজিয়াত অনাস্থা প্ৰস্তাৱ উত্থাপনৰ সময়ত যি উদাত্ত উপস্থাপন তাক লৈ সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে৷

    উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আঞ্চলিক সমস্যাৰাজিক কেন্দ্ৰত উপস্থাপন কৰাত গৌৰৱ গগৈৰ আছে বিশেষ কৃতকাৰ্যতা যাৰ বাবেই গৌৰৱ গগৈক ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ তত্বাৱধায়ক হিচাপে নিযুক্ত কৰা হৈছে৷শেহতীয়াকৈ ৰাজস্থানৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেকো গৌৰৱে সাক্ষাৎ কৰে৷বিজেপি নেত্ৰীগৰাকীৰ লগত গৌৰৱৰ বৈঠকে আহিবলগীয়া দিনবোৰত ৰাজস্থানৰ পৰিৱৰ্তিত ৰাজনীতিৰে ইংগিত প্ৰদান কৰে৷যি সকলোৰে মাজত যথেষ্ট সমাদৃত হৈছে ৷