• চাৰি বছৰত মোদী চৰকাৰে বিজ্ঞাপনৰ নামত ব্যয় কৰিলে ৪,৩০০ কোটি; আৰ টি আইত প্ৰকাশিত তথ্য

    ৰাজনৈতিক
    চাৰি বছৰত মোদী চৰকাৰে বিজ্ঞাপনৰ নামত ব্যয় কৰিলে ৪,৩০০ কোটি; আৰ টি আইত প্ৰকাশিত তথ্য
    ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দেশত পোহৰলৈ আহিছে ৰাজহুৱা ধনৰ ব্যৱহাৰৰ নতুন তথ্য৷যোৱা সোমবাৰে আৰ টি আই কৰ্মীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে এতিয়ালৈকে বিভিন্ন মাধ্যমৰ জৰিয়তে বিজ্ঞাপন আৰু প্ৰচাৰৰ বাবে ৪,৩৪৩.২৬ কোটি টকা ব্যয় কৰিছে।

    বৰ্তমানৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত সকলো সংবাদ মাধ্যমত বিজ্ঞাপন আৰু প্ৰচাৰৰ বাবে হোৱা সকলো ব্যয়ৰ সবিশেষ তথ্য বিচাৰিছিল মুম্বাইৰ আৰ টি আই কৰ্মী অনিল গালগালীয়ে।

    উত্তৰ অনুসৰি ২০১৪ চনৰ জুন মাহৰ পৰা ২০১৫ চনৰ মাৰ্চলৈকে চৰকাৰে ছপা মাধ্যমৰ প্ৰচাৰত ৪২৪.৮৫ কোটি, ইলেক্ট্ৰনিক মাধ্যমত ৪৪৮.৯৭ কোটি আৰু বাহিৰৰ প্ৰচাৰৰ বাবে ৭৯.৭২ কোটি টকা ব্যয় কৰি মুঠ ৯৫৩.৫৪ কোটি টকা ব্যয় কৰিছিল।

    পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০১৫-১৬ত সকলো সংবাদ মাধ্যমৰ বাবে ব্যয় যথেষ্ট বৃদ্ধি পায়। ইয়াৰ ভিতৰত আছিল, ছপা মাধ্যমত ৫১০.৬৯ কোটি, ইলেক্ট্ৰনিক মাধ্যমত ৫৪১.৯৯ কোটি আৰু বাহিৰৰ প্ৰচাৰৰ বাবে ১১৮.৪৩ কোটি, অৰ্থাৎ মুঠ ১,১৭১.১১ কোটি টকা ব্যয় হৈছিল৷

    ২০১৬-১৭ চনত ছপা মাধ্যমৰ ব্যয় হ্ৰাস পাইছে (প্ৰথম বছৰৰ জুন ২০১৪-মাৰ্চ ২০১৫তকৈ এতিয়াও অধিক), ৪৬৩.৩৮ কোটি , কিন্তু ইলেক্ট্ৰনিক মাধ্যমৰ বাবে ই পূৰ্বৰ বছৰৰ তুলনাত বৃদ্ধি পাই ৬১৩.৭৮ কোটি টকা হয়, আৰু বাহিৰৰ প্ৰচাৰৰ বাবে ১৮৫.৯৯ কোটিলৈ বৃদ্ধি পায়, মুঠ ১,২৬৩.১৫ কোটি টকা হয়।

    পাছৰ বছৰ ২০১৭ চনৰ এপ্ৰিল-২০১৮ চনৰ মাৰ্চ মাহত ইলেক্ট্ৰনিক মাধ্যমৰ ব্যয় পূৰ্বৰ বছৰৰ তুলনাত তীব্ৰ হ্ৰাস পাই ৪৭৫.১৩ কোটি  আৰু বাহিৰৰ প্ৰচাৰৰ ব্যয় যথেষ্ট হ্ৰাস পাই ১৪৭.১০ কোটি টকা হয়।

    আৰ টি আইৰ উত্তৰত এইটোও কোৱা হৈছে যে ২০১৭ চনৰ এপ্ৰিল-ডিচেম্বৰৰ ভিতৰত (৯ মাহৰ সময়সীমা) চৰকাৰে কেৱল ছপা মাধ্যমৰ বাবে ৩৩৩.২৩ কোটি টকা ব্যয় কৰিছিল, যোৱা বিত্তীয় বৰ্ষৰ (২০১৭ এপ্ৰিল-২০১৮ মাৰ্চ) মুঠ পৰিসংখ্যা ৯৫৫.৪৬ কোটি টকা হৈছে।






    @stak('js')