• গোদী মিডিয়াৰ সাংবাদিকৰে কমল নাথৰ হলিগলি: ‘ইণ্ডিয়া’ৰ বয়কটক উপেক্ষা কিয় মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ?

    ৰাজনৈতিক
    গোদী মিডিয়াৰ সাংবাদিকৰে কমল নাথৰ হলিগলি: ‘ইণ্ডিয়া’ৰ বয়কটক উপেক্ষা কিয় মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ?
    ডিজিটেল ডেস্ক: ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচন৷ ২০১৮ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিছিল ৪০.৮৯ শতাংশ ভোট আৰু বিজেপিয়ে লাভ কৰিছিল ৪১.০২ শতাংশ ভোট৷ সেইসময়ত কংগ্ৰেছৰ অৱলম্বন হৈ পৰিছিল কমল নাথ৷

    এইবেলি নিৰ্বাচনতো কমল নাথক সন্মুখত লৈয়েই আগবাঢ়িছে কংগ্ৰেছ৷ আগন্তুক নিৰ্বাচনত চৰকাৰ গঠন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছে৷ কিন্তু, নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত নতুন বিতৰ্কত সোমাই পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ৷

    শেহতীয়াকৈ কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ‘ইণ্ডিয়া’ মিত্ৰজোঁটে বয়কট কৰিছিল গোদী মিডিয়াৰ ১৪গৰাকীকৈ সাংবাদিকক৷ আৰু তাৰ ভিতৰত অন্যতম আছিল টাইমছ নাওৰ এংকৰ নবীকা কুমাৰ৷ এতিয়া ‘ইণ্ডিয়া’ৰ দ্বাৰা বয়কট হৈ থকা এইগৰাকী নবীকাৰ সৈতে হলিগলি দেখা গৈছে কংগ্ৰেছ নেতা কমল নাথৰ৷ 

    নিৰ্বাচনী প্ৰচাৰৰ সময়ত কমল নাথৰ সৈতে একেখন বিমানত দেখা গৈছে নবীকা কুমাৰক৷ আৰু নবীকা কুমাৰৰে কমল নাথৰ এই ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ আৰু তাৰ পাছতেই সমালোচনাৰ লক্ষ্য হৈ পৰিছে কমল নাথ৷ 

    ‘মহুৱা মৈত্ৰ ফেনছ্’ নামৰ এটা এক্স হেণ্ডেলৰ পৰা কমল নাথৰ জৰিয়তে সমালোচনাৰ লক্ষ্য কৰি লোৱা হৈছে কংগ্ৰেছক৷ কংগ্ৰেছে পুনৰ গোদী মিডিয়ালৈ উভতি যাবলৈ বিচৰা বুলি কোৱা হৈছে সেই বিশেষ পোষ্টটোত৷ এতিয়া প্ৰশ্ন হয়, ‘ইণ্ডিয়া’ই বয়কট কৰা সাংবাদিকৰে কিয় বিমানযাত্ৰা কৰিছিল কমল নাথে? কমল নাথৰ এই কাৰ্যৰ পাছত নাথক ‘ইণ্ডিয়া’ মিত্ৰজোঁটে জবাবদিহি কৰিবনে নাই, সেয়া হ’ব লক্ষ্যণীয়৷